Site icon Guwahati Times

ভগৱানৰ ওচৰত চাকি জ্বলাওতে মানি চলেনে এই নিয়ম! যদি নামানে…

চাকি বা বন্তি হৈছে তেলৰ সহায়ত জ্বলোৱা একপ্ৰকাৰৰ মাটি বা ধাতুৰে তৈয়াৰী এক পোহৰৰ উৎস। ভাৰত তথা ইয়াৰ উপমহাদেশ সমূহত চাকি প্ৰচলিত। হিন্দু, শিখ, বৌদ্ধ আৰু জৈন সকলে ঈশ্বৰ উপাসনাৰ বাবে চাকি জ্বলাই প্ৰাৰ্থনা কৰে। ইয়াৰোপৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠান, শুভ কৰ্মৰ আৰম্ভণি, বিবাহ, জন্মদিন, পোহৰৰ উৎসৱ দীপাৱলী আদিত চাকি জ্বলোৱা হয়। চাকিৰ ধাৰক অংশত তেল বা ঘিঁউ দি কপাহেৰে তৈয়াৰী শলিতাৰ সহায়ত চাকি জ্বলোৱা হয়। বিশ্বাস কৰা হয় যে চাকি জলালে ঘৰৰ পৰা নেতিবাচক শক্তি আঁতৰ হয় আৰু ঘৰখন সুখেৰে ভৰি পৰে।

কিন্তু আপুনি জানেনে ঈশ্বৰ বা ভগৱানৰ ওচৰত চাকি জ্বলোৱাৰ কিছু বিশেষ নিয়ম আছে। যদি এই নিয়মসমূহ মানি চলা নহয় তেন্তে জীৱনত নানান সমস্যা আহি পৰে।

এই নিয়মসমূহ হৈছে-

1.তেলৰ চাকি: যদি আপুনি তেলৰ চাকি জ্বলায় তেনেহলে শলিতাডাল ৰঙা সূতাৰে তৈয়াৰ কৰিব লাগে।

2.ঘিউৰ চাকি: যদি আপুনি ঘিউৰ চাকি জ্বলায় তেন্তে আপুনি কপাহৰ শলিতা ব্যৱহাৰ কৰিব লাগে।

  1. হিন্দু ধৰ্মত পূৱদিশে চাকি জলাই ভগৱানক প্ৰাৰ্থনা কৰা হয়। গতিকে কেতিয়াও পশ্চিম দিশে কেতিয়াও চাকি জ্বলাব নালাগে। ই ঘৰলৈ দৰিদ্ৰতাৰ লগতে অমংগল বাৰ্তা কঢ়িয়াই আনে।
  2. ঘৰত চাকি জ্বলোৱাৰ সময়ত আপোনাৰ আৰাধ্য ভগৱানজনৰ এখন মূৰ্তি বা ফটো সন্মুখত ৰাখিব পাৰে। লগতে তেলৰ চাকি জ্বলালে সদায় আপোনাৰ সোঁফালে আৰু ঘিউৰ চাকি জ্বলালে সদায় বাওঁফালে ৰাখিব লাগে।
  3. ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ সময়ত বা বন্তি জ্বলোৱাৰ সময়ত পাতল বস্ত্ৰ গাত মেৰিয়াই ল’ব লাগে। যেনে- চুৰিয়া, চেলেং

6.কেতিয়াও চাকি জ্বলোৱাৰ সময়ত মুখত একো বস্তু ৰাখিব নালাগে। এনে কৰিলে ধ্যান বিচলিত হ’ব।

Exit mobile version