নুনমাটিৰ হত্যা কাণ্ডৰ লগত জৰিত ৫ জন আটক

0 min read

গুৱাহাটী: গুৱাহাটীৰ নুনমাটিত শুকুৰবাৰে সংঘটিত এক লোমহর্ষক হত্যাকাণ্ডৰ ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷

সাধাৰণ কথাক লৈ হোৱা কাজিয়াৰ পৰিণতিত এটি ১৬ বছৰীয়া কিশোৰে চোকা অস্ত্রৰে ডিঙি ৰেপি নৃশংসভাৱে হত্যা কৰে ঋতুপর্ণ পেগু নামৰ যুৱকজনক৷ শুকুৰবাৰে বিয়লি প্রায় ২.৩০ বজাত নুনমাটিত জনচক্ষুৰ সন্মুখতে সংঘটিত হোৱা এই নৃশংস হত্যাকাণ্ডক লৈ উত্তেজনাই বিৰাজ কৰিছে৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চিলাপথাৰৰ চানমাৰি নিৱাসী ঋতুপর্ণ পেগুৱে কর্মসূত্রে পৰিয়ালৰ সৈতে গুৱাহাটী কমার্চ কলেজৰ সমীপত ভাৰাতীয়া হিচাপে আছিল৷ পূর্বতে নুনমাটিৰ আৰমান হোম ফার্নিছিং নামৰ দোকানখনৰ ছেলছমেন হিচাপে ঋতুপর্ণই কাম কৰিছিল৷ চাকৰি এৰাৰ পাছতো মাজে–সময়ে ঋতুপর্ণ উক্ত দোকানখনলৈ অহা–যোৱা কৰিছিল৷

শুকুৰবাৰে দুপৰীয়াও ঋতুপর্ণই নুনমাটিৰ আৰমান হোম ফার্নিছিং দোকানখনলৈ আহে৷ দোকানৰ টুল এখনত বহাৰ সময়তে ঋতুপর্ণ পেগু আৰু দোকানখনৰ আন এজন কিশোৰ কর্মচাৰীৰ লগত কোনো কথাক লৈ বাক–বিতণ্ডা হয়৷ খঙৰ ভমকত ঋতুপর্ণ পেগুৱে কর্মচাৰীজনৰ গালত এটা চৰ শোধায়৷ ইয়াৰ পাছত দুয়োৰে মাজত প্রচণ্ড মাৰপিট হয়৷ তাৰ মাজতে কিশোৰজনে সমীপতে থকা তেওঁৰ ঘৰলৈ গৈ পিতৃ–মাতৃ আৰু ককায়েকক ঘটনাৰ বিষয়ে অৱগত কৰে৷

কিশোৰজনে ঘৰৰ পৰা লৈ অহা এখন ছুৰীৰে ঋতুপর্ণ পেগুৰ ডিঙিত ৰেপি দিয়ে৷ ফলত ঋতুপর্ণ মাটিত ঢ়লি পৰে৷ স্থানীয় ৰাইজে গুৰুতৰভাৱে আহত ঋতুপর্ণক এখন ব্যক্তিগত এম্বুলেঞ্চেৰে মঠঘৰীয়াৰ গেট হাস্পতালত ভর্তি কৰায়৷ কিন্তু চিকিৎসকে ঋতুপর্ণ পেগুক মৃত ঘোষণা কৰে৷ অত্যধিক ৰক্তক্ষৰণ হোৱাৰ লগতে ঋতুপর্ণ পেগুৰ মৃত্যু হোৱা বুলি চিকিৎসকে মত পোষণ কৰিছে৷

ইফালে, ঘটনাস্থলীত আৰক্ষী পলমকৈ উপস্থিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ নুনমাটি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী কিশোৰজনৰ লগতে পিতৃ দুলাল আলী, মাতৃ মনোৰমা খাতুন, ভাতৃ ইব্রাহিম আলীক গ্রেপ্তাৰ কৰাৰ লগতে দোকানৰ স্বত্বাধিকাৰী আৰমান আলীকো সোধা–পোছাৰ বাবে আটক কৰে৷ ইফালে ঘটনাস্থলীত সাতমহীয়া সন্তান কোলাত লৈ ঋতুপর্ণৰ পত্নী উপস্থিত হোৱাত এক শোকাকুল পৰিৱেশ সৃষ্টি হয়৷

আনহাতে, এই সমগ্র ঘটনাক দোকানখনৰ স্বত্বাধিকাৰী আৰমান আলীয়ে অন্য ৰূপ দিব বিচাৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ নুনমাটি আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা চিচি টিভিৰ ফুটেজ সংগ্রহ কৰি তদন্ত অব্যাহত ৰাখিছে৷ চিচি টিভিৰ ফুটেজত হাতত চোকা অস্ত্র লৈ কিশোৰজনে ঋতুপর্ণক হত্যা কৰিবলৈ খেদি ফুৰা দৃশ্য বন্দী হৈছে৷

উক্ত সময়ত ঘটনাস্থলীত উপস্থিত থকা লোকসকলে কিশোৰজনক বাধা দিয়াৰ চেষ্টা চলাইছিল যদিও সুযোগ বুজি কিশোৰজনে ঋতুপর্ণক ডিঙি ৰেপি হত্যা কৰে৷ আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহূত ছুৰীখন উদ্ধাৰ কৰে৷ সম্প্রতি আৰক্ষীয়ে অভিযুক্তসকলক জেৰা অব্যাহত ৰাখিছে৷

You May Also Like

More From Author