Site icon Guwahati Times

অসমৰ বাহিৰৰ পৰা অনা হাঁহ-কুকুৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ নিষেধাজ্ঞা জাৰি

ৰাজ্য চৰকাৰে অসমৰ বাহিৰৰ পৰা অনা হাঁহ-কুকুৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। দেশৰ কিছুমান ঠাইত এভিয়ান ইনফ্লুয়েঞ্জা অৰ্থাৎ পক্ষী জ্বৰত আক্ৰান্ত হৈ ভালেমান হাঁহ, কুকুৰা, চৰাই আদিৰ মৃত্যু হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে এই পদক্ষেপ গ্ৰহণ কৰিছে। বাহিৰৰ পৰা খাদ্যৰ বাবে অনা হাঁহ-কুকুৰাৰ পৰা যাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ কোনো প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি আজি এখন চৰকাৰী বিজ্ঞপ্তিযোগে জানিবলৈ দিছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব।

Exit mobile version