Site icon Guwahati Times

আসাম ষ্টেট আউটচ’ৰ্চ পাৱাৰ ৱকাৰ্চ ইউনিয়নৰ উদ্যোগত অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ দাবীত ১২ঘন্টীয়া কৰ্মবিৰতি।

আসাম ষ্টেট আউটচ’ৰ্চ পাৱাৰ ৱকাৰ্চ ইউনিয়নৰ উদ্যোগত অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ আৰু ১১দফীয়া দাবী চনদ পূৰণৰ দাবীত আজি নাজিৰাৰ অসম শক্তি বিতৰণ লিমিটেডৰ সন্মূখত ১২ঘন্টীয়া কৰ্মবিৰতি পালন কৰে কৰ্মচাৰীসকলে।

তেওঁলোকৰ দাবী:
১/অসম চৰকাৰে ঘোষণা কৰা ৫০০০ পদত অস্থায়ী কৰ্মচাৰীক অগ্ৰাধিকাৰ দিয়া ব্যবস্থা কৰক।
২/কোনো বাছনি নোহোৱাকৈ verification ৰ মাধ্যমেৰে অস্থায়ী কৰ্মচাৰীক চাকৰি নিয়মীয়াকৰণ ব্যবস্থা কৰক।
৩/নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত সম কাম সম মজুৰি প্ৰদান কৰক।
৪/অস্থায়ী কৰ্মচাৰীৰ প্ৰকৃত তালিকা প্ৰস্তুত কৰক। এইদৰে আৰু কেইবাটাও দাবী জনায় অস্থায়ী বিদ্যুৎ কৰ্মচাৰীসকলে।
এই দাবী সমূহ পূৰণ নকৰা পৰ্যন্ত আন্দোলন কৰি যাব বুলি জানিবলৈ দিয়ে।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

Exit mobile version