Site icon Guwahati Times

নাৰী অন্যন্যা! ই-ৰিক্সা চালকৰ ৰূপত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

নাৰী অবিহনে সকলো আধৰুৱা। বিভিন্ন সময়ত বিভিন্ন ভূমিকা পালন কৰি আহিছে এগৰাকী নাৰীয়ে। কেতিয়াবা পত্নী,ভগ্নী,আৰু কেতিয়াবা মাতৃ। নাৰী শব্দটো নিচেই সৰু,কিন্তু যোগ বিয়োগ সকলো ব্যৰ্থ এই শব্দটোৰ পৰিধি উলিওৱাত।

আজি নাৰী দিৱসৰ লগত সংগতি ৰাখি জনপ্ৰিয় অভিনেত্ৰী ্প্ৰস্তুতি পৰাশৰে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটা পোষ্ট। প্ৰস্তুতিয়ে লিখিছে-”নাৰী- ত্যাগ, দয়া, সাহসৰ প্ৰতিমূৰ্তি। মমতাৰ অধিকাৰিণী নাৰী অনন্যা, মহীয়সী,শক্তিদায়িনী..নাৰী যে সভ্যতাৰ ভূষণ.. “আন্তৰ্জাতিক নাৰী দিৱস”ৰ এই বিশেষ ক্ষণত মাতৃ, ভগ্নী সহিতে নাৰী সমাজলৈ মোৰ উষ্ম শুভেচ্ছা, কৃতজ্ঞতা জনাইছোঁ। নাৰী মহাশক্তিয়ে যুগে যুগে আমাৰ সমাজখনক শক্তিশালী কৰি আহিছে। এই বিশেষ দিনটোত আন্তৰিকতাৰে কামনা কৰিছোঁ, নাৰী মহাশক্তিৰ প্ৰকৃত আৰু অধিক সবলীকৰণ হওঁক। প্ৰতিগৰাকী নাৰীৰ বাবে সমাজৰ প্ৰতিখন ক্ষেত্ৰ হওঁক সুৰক্ষিত আৰু মৰ্যদাসম্পন্ন।

Exit mobile version