Site icon Guwahati Times

সমাজ কল্যাণ সঞ্চালকৰ কার্যালয়ত বিক্ষোভ প্রতিবন্ধী সুৰক্ষা সংস্থাৰ

দীনদয়াল দিব্যাংগ পেন্সন আঁচনিৰ পৰা বঞ্চিত প্রতিবন্ধীয়ে বুধবাৰে প্রাপ্য বিচাৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ উজান বজাৰৰ সমাজ কল্যাণ সঞ্চালকালয় কার্যালয়ৰ মুখ্য প্রৱেশদ্বাৰত প্রতিবন্ধী সুৰক্ষা সংস্থা অসমৰ উদ্যোগত ৰূপায়ণ কৰা প্রতিবাদী কার্যসূচীত সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে কয়– ৰাজ্য চৰকাৰৰ পৰা মাহেকত পাবলগীয়া ১,০০০ টকাটোৰ বাবে আমি প্রতিবাৰে আন্দোলন কৰিবলগীয়া হয়৷ বিভিন্ন অভিলাষী আঁচনিৰে বিজেপি নেতৃত্বাধীন মিত্রজেজাটৰ চৰকাৰে ঢ়াক–ঢ়োল বজাই ৫বছৰীয়া কার্যকাল শেষ কৰিলে যদিও কোনোদিনে প্রতিবন্ধী লোকক গুৰুত্ব প্রদান কৰা পৰিলক্ষিত নহ’ল৷ অক্টোবৰ মাহৰ পৰা মার্চ মাহলৈ পেন্সন আঁচনিৰ ধন প্রদান নকৰাত বিপদৰ সন্মুখীন হৈছে সৰহসংখ্যক প্রতিবন্ধী লোক৷

বিগত কেইবামাহো ধৰি কৰি অহা আন্দোলনৰ পৰিপ্রেক্ষিতত বিহুৰ পূর্বে এটা কিস্তি অর্থাৎ তিনি মাহৰ ধন বিত্ত বিভাগে মুকলি কৰি দিছিল যদিও আজিকোপতি প্রায় ৫৫ হাজাৰ লোকে ধনৰাশি পাবলৈ সক্ষম হোৱা নাই৷ এই ধনৰাশি পোৱাৰ ব্যৱস্থা নকৰাৰ বাবে আজি আমি আন্দোলন কৰিবলৈ বাধ্য হৈছেছা৷ একমাত্র বিভাগৰ হেমাহিৰ বাবে আজি ৫৫ হাজাৰ প্রতিবন্ধী হিতাধিকাৰী বঞ্চিত হৈছে বুলি তেওঁ গুৰুত্বপূর্ণ মন্তব্য কৰে৷ দিনৰ ১১ বজাৰ পৰা দিনৰ ৩ বজালৈ অৱস্থান কৰিও কোনো সুফল লাভ নকৰাত প্রতিবাদকাৰীসকলে অৱশেষত মূল গেটৰ তলা বন্ধ কৰি অৱস্থান কৰে৷ বিভাগৰ সঞ্চালকে আহি লিখিত প্রতিশ্রুতি দিলেহে ক্ষান্ত হ’ব বুলি সকীয়াই দিয়ে৷ অহা সোমবাৰৰ ভিতৰত দীনদয়াল দিব্যাংগ পেন্সন আঁচনিৰ ধনৰাশি মুকলি কৰি দিব বুলি সঞ্চালকগৰাকীৰ হৈ উপ–সঞ্চালকগৰাকীয়ে লিখিত প্রতিশ্রুতি দিয়াতহে প্রতিবাদীসকল ক্ষান্ত হয়৷ ক’ভিড প্রট’কল মানি ৰূপায়ণ কৰা কার্যসূচীত মালাকাৰে কয়– যদি সোমবাৰৰ ভিতৰত এই ধনৰাশি হিতাধিকাৰীৰ একাউণ্টলৈ প্রেৰণৰ ব্যৱস্থা নকৰে তেন্তে জংগী আন্দোলন কৰা হ’ব।

Exit mobile version