Site icon Guwahati Times

গুৱাহাটীত মাউণ্ট কাঞ্চনজংঘা অভিযান ২০২৩ৰ শুভাৰম্ভ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে গুৱাহাটীত আজি মাউণ্ট কাঞ্চনজংঘা অভিযান ২০২৩ৰ শুভাৰম্ভ কৰে। কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে অভিযানকাৰী দলটোৰ দলপতি মানস বৰুৱাৰ হাতত ৰাষ্ট্ৰীয় পতাকা, আইচ এক্স বেটন আৰু অভিযানৰ পতাকা অৰ্পণ কৰে। সেই অভিযান শুভাৰম্ভ কৰি কাঞ্চনজংঘা পৃথিৱীৰ সুন্দৰ সৃষ্টি বুলি ৰাষ্ট্ৰপতি গৰাকীয়ে মন্তব্য কৰে। এই কাঞ্চনজংঘা পর্বতাৰোহন অভিযানৰ প্রাক মুহূৰ্তত পৰ্বতাৰোহীসকলক আশীৰ্বাদ দিয়াৰ সুযোগ পায় তেওঁ নিজকে ভাগ্যশালী বুলি অভিহিত কৰে। এই অনুষ্ঠানৰ আৰম্ভণিতে কাঞ্চনজংঘা অভিযানৰ চীফ দ্য মিছনৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰপতি গৰাকীক ফুলাম গামোচাৰে আদৰণি জনায়। ইয়াৰ পাছতে পৰ্বতাৰোহন অভিযানৰ মুখ্য আহ্বায়ক সত্যেন শৰ্মাই ৰাষ্ট্ৰপতি গৰাকীক অভিযানৰ স্মাৰক অৰ্পণ কৰে। অনুষ্ঠানত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাপ লগতে ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্ৰপতি সচিবালয়ৰ বহুসংখ্যক বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে অসম পৰ্বতাৰোহন সন্থাৰ উদ্যোগত হ’বলগীয়া এই অভিযানত সাতগৰাকী পৰ্বতাৰোহীয়ে অংশ গ্ৰহণ কৰিব।

Exit mobile version