Site icon Guwahati Times

নগাঁৱৰ আৰ্ট ভিলেজত প্ৰিয়বন্ধু উন্মোচনী অনুষ্ঠান সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও: ‘শিশুৰ বাবে পুষ্টিকৰ খাদ্য বা আহাৰ গুৰুত্বপূৰ্ণ ৷ সমান্তৰালভাৱে শিশুৰ বৌদ্ধিক আৰু মানসিক উত্তৰণৰ ক্ষেত্ৰত মানসিক পুষ্টি সাধনত সৰ্বাধিক গুৰুত্ব দিয়াটো অত্যন্ত আৱশ্যক ৷’ নগাঁৱৰ প্ৰখ্যাত চিত্ৰশিল্পী সুজিত দাসৰ বাসভৱনৰ আৰ্ট ভিলেজত আজি অনুষ্ঠিত শিশুপযোগী ক্ষুদ্ৰ আলোচনী ‘প্ৰিয়বন্ধু’ উন্মোচন কৰি উক্ত বক্তব্য আগবঢ়াই নূপুৰ মোমাইদেউ খ্যাত অসমৰ বিশিষ্ট শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যই ৷ অকণিৰ সাহিত্য সভাই প্ৰকাশ কৰি অহা ক্ষুদ্ৰ আলোচনী “প্ৰিয়বন্ধু”ৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে আমাৰ সমাজ তথা দেশৰ মানৱ সম্পদ শিশু বা কিশোৰ-কিশোৰী সকলৰ সুন্দৰ ভৱিষ্যত তেওঁলোকৰ পিতৃ-মাতৃ, অভিভাৱকসকলৰ হাততেই নিৰ্ভৰ কৰাৰ বিষয়ে মন্তব্য কৰি আমাৰ নতুন প্ৰজন্মক লৈ আমি গভীৰ আশাবাদী বুলি উল্লেখ কৰে ৷ প্ৰিয়বন্ধুৰ পৰিচালন সম্পাদক দুলাল বৰাই আঁত ধৰা অনুষ্ঠানত প্ৰিয়বন্ধুৰ পঞ্চম সংখ্যাৰ সম্পাদকৰ দায়িত্ব বহন কৰা আন এগৰাকী বিশিষ্ট শিশু সাহিত্যিক গুৱাহাটীৰ সুৰেন্দ্ৰ মোহন দাসে উপস্থিত থাকি ডিজেটেল কিতাপতকৈ ছপা কিতাপৰ অধ্যয়নৰ ক্ষেত্ৰত সময়ৰ অপব্যয় কম হোৱাৰ বিষয়ে অভিমত ব্যক্ত কৰাৰ লগতে অভিভাৱক সকলে তেওঁলোকৰ ল’ৰা-ছোৱালীক কাকত পঢ়াৰ অভ্যাস কৰোৱাৰ উপৰি সকলোৰে ঘৰত অন্ততঃ এখন দৈনিক কাকত আৰু মাতৃভাষাৰ আলোচনী ৰখা উচিত বুলি দোহাৰে ৷ কবি নবীন কলিতা, শিক্ষক দীপজ্যোতি বৰা,শিক্ষয়িত্ৰী সুস্মিতা দত্ত,সত্যজিৎ নাথ আৰু আছাদ মাদানীয়ে মনপৰশা কবিতাৰ আবৃত্তিৰে মন্ত্ৰমুগ্ধ কৰি তোলা অনুষ্ঠানটিত যশস্বী চিত্ৰশিল্পী সুজিত দাসে নিজৰ শিল্প-কৰ্মৰ খাতিৰত ইতিমধ্যে ২৬ খনকৈ দেশ পৰিভ্ৰমী শেহতীয়াকৈ আফ্ৰিকাৰ পৰা কালি নিজ ঘৰ পোৱাৰ অন্তত লাভ কৰা বৰ্ণিল অভিজ্ঞতাৰ স্মৰণ কৰি সকলোকে মোহাচ্ছন্ন কৰি তোলা অনুষ্ঠানটিত শলাগৰ শৰাই আগবঢ়ায় লিখক নবীন কলিতাই ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version