30.2 C
Assam
Wednesday, August 10, 2022

Featured News

Royal Enfield Hunter 350 launched in India

Royal Enfield has finally launched the much-anticipated Hunter...

Minor girl raped near New Delhi railway station, 2 arrested

Two hawkers have been arrested for allegedly...

নগাঁৱৰ ৰাইদঙীয়াত ৰাজ মেধিৰ সোঁৱৰণত “প্ৰজন্ম”ৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত নাট মঞ্চস্থ

Assamese Newsনগাঁৱৰ ৰাইদঙীয়াত ৰাজ মেধিৰ সোঁৱৰণত "প্ৰজন্ম"ৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত নাট মঞ্চস্থ

নিউজ ব্যুৰ’,নগাঁও,৩আগষ্ট :–প্ৰয়াত শিল্পী ৰাজ মেধিৰ সোঁৱৰণত সামাজিক সাংস্কৃতিক অনুষ্ঠান ‘‘প্ৰজন্ম’’ৰ উদ্যোগত গ্ৰীষ্ম বন্ধৰ সময়চোৱাত নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ৰাইডঙীয়াত অনুষ্ঠিত হৈছিল নাটক কৰ্মশালা । ১৫ দিনীয়া কাৰ্যসূচীৰে আয়োজিত নাটক কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি মংগলবাৰে নিশা তিনিখনি নাট মঞ্চস্থ কৰা হয় । ৰাইডঙীয়া ৰাজহুৱা মঞ্চত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে শংকৰ জ্যোতি শৰ্মা আৰু ঋতু মেধিয়ে ।

পাছত নাট্য শিল্পী জ্যোতি প্ৰসাদ ভূঞাই উদ্বোধন কৰা মঞ্চত ধনঞ্জয় বৰদলৈৰ পৰিচালনাৰে কৰ্মশালাত অংশগ্ৰহণ কৰা কণ কণ প্ৰশিক্ষাৰ্থীসকলে পৰিবেশন কৰে “বুঢ়ী আইতাৰ দেশ” শীৰ্ষক নাটকখনি । নিশা ৯ বজাৰ পৰা প্ৰাচুৰ্য্য প্ৰাণ নাথে পৰিচালনা কৰা “দেশতকৈ মোমাই ডাঙৰ নহয়” আৰু ১০ বজাত “ক্ষত বিক্ষত সময়” শীৰ্ষক নাটক দুখনি মঞ্চস্থ কৰা হয় । অনুষ্ঠানটিত “প্ৰজন্ম”ৰ সভাপতি অনুপম ৰাজখোৱা,নাট্য শিল্পী পংকজ বৰুৱা,ৰাহুল মেধি,প্ৰাঞ্জল ৰাজখোৱা,হেমন্ত কলিতাকে আদি কৰি পাঁচ শতাধিক দৰ্শকে উপস্থিত থাকি নাট তিনিখনি উপভোগ কৰে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: