Site icon Guwahati Times

প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান:ডিঙি কাটি হত্যা কৰিলে যুৱতীক

ওদালগুৰি জিলাৰ খৈৰাবাৰীত নৃশংস ঘটনা।প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই নৃশংসভাৱে হত্যা কৰিলে যুৱতীক।বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই নৃশংস ঘটনা।খৈৰাবাৰী মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰী অংকিতা পালক হত্যা কৰিলে অমিত ভদ্ৰ নামৰ এজন যুৱকে।

 

অংকিতাক কামৰূপ জিলাৰ পলাশবাৰী নিবাসী ৰমা ভদ্ৰৰ পুত্ৰ অমিত ভদ্ৰই কেইবাবাৰো প্ৰেমৰ প্ৰস্তাৱ দিছিল।কিন্তু অংকিতাই বাৰে বাৰে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল।

বৃহস্পতিবাৰে নিশা অমিতে শেষবাৰৰ বাবে ফোন কৰি ঘৰৰ পিছফালে অংকিতাক মাতি কিছু দূৰলৈ টানি নি চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে।

উল্লেখযোগ্য যে,খৈৰাবাৰী আৰক্ষীৰ তৎপৰতাত পলাশবাৰী আৰক্ষীয়ে অমিত ভদ্ৰক ঘৰৰ পৰা আটক কৰে। শুকুৰবাৰে হত্যাকাৰী অমিত ভদ্ৰক ফাঁচিৰ দাবীত উত্তাল হৈ পৰে খৈৰাবাৰী।

 

Exit mobile version