Site icon Guwahati Times

ইন্ধন জাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

পেট্ৰল, ডিজেলকে ধৰি ইন্ধন জাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আহ্বানত সাপেখাতী  আঞ্চলিক ছাত্ৰ সন্থাই সাপেখাতী বজাৰ  তিনিআলিত  আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । হাতে হাতে প্লে-কাৰ্ড লৈ আছু কৰ্মী সকলে পেট্ৰল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাত  চূড়ান্ত ভাৱে ব্যৰ্থ হোৱা কেন্দ্ৰীয় চৰকাৰ আৰু  ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি  অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰী মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী ধ্বনিৰে সাপেখাতীৰ পৰিবেশ উত্তাল কৰি তোলে ।আজি বিক্ষোভ  কাৰ্যসূচীত সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাৰ   সভাপতি যদুমনি গগৈ , সম্পাদক বৈকুণ্ঠ  গগৈ ,উপদেষ্টা অচ্যুত দাসে অংশগ্ৰহণ কৰি অতিশীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ নকৰিলে আগন্তুক দিনত চৰকাৰৰ বিৰুদ্ধে অধিক শক্তিশালী প্ৰতিবাদী  আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

Exit mobile version