হেলথ চিটী হাস্পতালত চিকিৎসকৰ প্রতিবাদ

0 min read

হোজাইৰ উদালি হাস্পতালত কর্তব্যৰত চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিৰ লগতে নার্ছ, স্বাস্থ্যকর্মীক ৰোগীৰ আত্মীয়ই কৰা জঘন্য আক্রমণ আৰু বিগত কিছুদিনৰ পৰা বিহাৰ, উত্তৰ প্রদেশকে ধৰি বিভিন্ন ৰাজ্যত চিকিৎসক, চিকিৎসাকর্মীৰ ওপৰত চলা আক্রমণৰ ঘটনাৰ বিৰুদ্ধে আজি ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ (আই এম এ) আহ্বানত চিকিৎসক, চিকিৎসাকর্মীসকলে দেশজুৰি শান্তিপূর্ণভাৱে প্রতিবাদ সাব্যস্ত কৰে৷ আই এম এৰ আহ্বানৰ প্রতি সঁহাৰি জনাই গুৱাহাটীৰ হেলথ চিটী হাস্পতালৰ চিকিৎসক, নার্ছ, চিকিৎসাকর্মীসকলেও আজি সামগ্রিকভাৱে দুর্বৃত্তই চলোৱা আক্রমণৰ বিৰুদ্ধে হাতে হাতে বেনাৰ লৈ প্রতিবাদ সাব্যস্ত কৰে৷

প্রতিবাদী কার্যসূচীত অংশ লৈ হেলথ চিটী হাস্পতালৰ চিকিৎসা সঞ্চালক ডাঃ বি পি চক্রৱর্তীয়ে চিকিৎসকক আক্রমণৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰে৷ তেওঁ প্রতিকূল ক’ভিড পৰিস্থিতিত বহু চিকিৎসক–নার্ছে নিজৰ জীৱন বলিদান দিয়া বুলি মন্তব্য কৰি কয়– চৰকাৰে চিকিৎসক–চিকিৎসা নিৰাপত্তা সুনিশ্চিত কৰক৷ তেওঁ প্রতিকূল অৱস্থাতো চিকিৎসক–চিকিৎসা নিষ্ঠাৰে কর্তব্য পালন কৰিবলৈও আহ্বান জনায়৷ আনহাতে, হেলথ চিটী হাস্পতালৰ স্ত্রী আৰু প্রসূতি ৰোগ বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডাঃ কল্পনা চৌধুৰীয়ে অসমৰ লগতে বিভিন্ন ৰাজ্যত ৰোগীৰ অভিভাৱক নামধাৰী একাংশ দুষৃকতিকাৰীয়ে অহৰহভাৱে চিকিৎসক–চিকিৎসা কৰা আক্রমণৰ ঘটনাত গভীৰ উদ্বেগ প্রকাশ কৰে৷

You May Also Like

More From Author