ৰংহাংপীৰ হত্যাকাৰীক ফাঁচিৰ দাবীত কামপুৰ কঁপালে পাঁচ কার্বি সংগঠনে

0 min read

নগাঁও জিলাৰ ৰহাৰ খাইগডত এগৰাকী ১২ বছৰীয়া কিশোৰীক পৰিকল্পিতভাৱে হত্যা কৰি জ্বলাই দিয়া ঘটনাই সর্বত্র ব্যাপক প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে কামপুৰতো আজি কেইবাটাও কার্বি সংগঠনে তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ কামপুৰ ৰাজহ চক্রৰ অন্তর্গত কার্বি জনজাতি বসতিপ্রধান চাইবুক গাঁৱত পাঁচটা কার্বি সংগঠনে বৃহৎ প্রতিবাদী সমদল উলিয়ায়৷ সংগঠনকেইটাৰ কর্মীসকলে হাতে হাতে বেনাৰ–ফেষুটন লৈ ১২ বছৰীয়া কিশোৰীগৰাকীৰ হত্যাৰ তীব্র গৰিহণা দিয়ে৷ প্রতিবাদকাৰীসকলে দোষীক শীঘ্রে ফাঁচি দিয়ক, নাৰীক সন্মান কৰক, বনকৰা লোকৰ ওপৰত নির্যাতন নচলিব আদি প্রতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্রতিবাদকাৰীসকলে এই হত্যাকাণ্ডৰ সৈতে জডিত আটাইকে শীঘ্রে দৃষ্টান্তমূলক শাস্তি প্রদান নকৰিলে জংগী আন্দোলন অব্যাহত থাকিব বুলি প্রশাসনক হুংকাৰ দিয়ে৷ আজি প্রতিবাদী ৰাইজে মৃত কিশোৰীগৰাকীৰ প্রতিচ্ছবিত মমবাতি জ্বলাই আত্মাৰ সদ্গতি কামনা কৰে৷

শীঘ্রেই ক’টত চার্জশ্বীটঃ নগাঁও আৰক্ষী
নগাঁও জিলাৰ ৰহাৰ খাইগড়ত সংঘটিত বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যু সন্দর্ভত সমগ্র নগাঁও জিলাত প্রতিক্রিয়া অব্যাহত আছে৷ আজি নগাঁৱত সংবাদ মাধ্যমৰ আগত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্রুৱ বৰাই জানিবলৈ দিয়ে যে এই ঘটনাৰ তদন্তৰ কাম অধিক ক্ষিপ্রতাৰে আগবাঢ়িছে৷ তেওঁ লগতে কয়, অভিযুক্ত প্রকাশ বৰঠাকুৰ আৰু নয়নজ্যোতি বৰঠাকুৰক পুনৰ তিনি দিনৰ আৰক্ষীৰ জিম্মালৈ অনা হৈছে৷ তদুপৰি বৰঠাকুৰ পৰিয়ালৰ ৰীতা বৰঠাকুৰ নামৰ মহিলাগৰাকীকো সোধা–পোছা কৰা হৈছে৷ শীঘ্রে এই ঘটনাৰ অভিযোগনামা দাখিল কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷

আনহাতে, জিলাখনৰ বিভিন্ন সংগঠনে ঘটনাৰ লগত জডিত দোষীসকলক কঠোৰ শাস্তি বিহিবলৈ দাবী জনায়৷ ইফালে, নগাঁও জিলাৰ ৰহা থানাৰ অন্তর্গত ৰহাৰ খাইগডত যোৱা ২২ এপ্রিলত সংঘটিত সন্দেহজনক অগ্ণিকাণ্ডত ১২ বছৰীয়া বনকৰা কিশোৰী চুমিলা ৰংহাংপীৰ মৃত্যু হোৱাৰ ৭২ ঘণ্টাৰ পিছতো তীব্র প্রতিক্রিয়া অব্যাহত আছে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে ৰহা থানাত ৯৭/২১ নম্বৰত ৩০২, ১২০ বি ধাৰাত এটা গোচৰ ৰুজু কৰি অভিযুক্ত পিতা–পুত্রক আটক কৰি জেৰা অব্যাহত ৰাখিছে কিন্তু আজিপর্যন্ত অভিযুক্তই ঘটনাৰ দায় স্বীকাৰ কৰা নাই৷

ইপিনে দেওবাৰে বিয়লি আৰক্ষীয়ে প্রকাশ চন্দ্র বৰঠাকুৰৰ পত্নী ৰীণা বৰঠাকুৰকো জেৰাৰ আওতালৈ আনিছে৷ ইপিনে এই অমানৱীয় ঘটনা সম্পর্কত প্রতিক্রিয়া অব্যাহত আছে৷ আজি ৰহা আঞ্চলিক সাংবাদিক সন্থায়ো এই জঘন্য কাণ্ডৰ তীব্র গৰিহণা দি ইয়াৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দাবী কৰাৰ লগতে শিশু আইন ভংগকাৰীক কঠোৰ শাস্তিৰ দাবীৰে জিলা উপায়ুক্তৰ দ্বাৰা দেশৰ প্রধানমন্ত্রীলৈ স্মাৰক–পত্র প্রদানৰ সিদ্ধান্ত গ্রহণ কৰে৷ সেইদৰে আজি ৰহাত সদৌ তিৱা ছাত্র সন্থা, আছু, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, নৱ আলোক, সদৌ অসম প্রগতিশীল নাৰী সন্থা, নগাঁও জিলা ড্রাইবেল সংঘ, মানৱ অধিকাৰ সংগ্রাম সমিতি, ৰহা আঞ্চলিক সাংবাদিক সন্থা আদি সংগঠনৰ একাংশ প্রতিনিধিৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷ সভাত অভিযুক্তক যাতে সহযোগ নকৰে তাৰ বাবে অধিবক্তাসকলক যৌথ সভাই আহ্বান জনাইছে৷ লগতে অহা ২৮ এপ্রিলত ৰহাত এক কার্যসূচীও ৰূপায়ণ কৰাৰ সিদ্ধান্ত লয় যৌথ সভাই৷

You May Also Like

More From Author