Site icon Guwahati Times

প্রধানমন্ত্রী মোদীৰ সৈতে আইচক্রীম খোৱাৰ হেঁপাহ পি ভি সিন্ধুৰ

ক্রমাগত দুখন অলিম্পিকত পদক জয়েৰে ইতিহাস ৰচা তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে দেশলৈ উভতি প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰিব৷ দেওবাৰে টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক অর্জন কৰিবলৈ সক্ষম হোৱা শ্বাটলাৰগৰাকীয়ে সোমবাৰে এক অনলাইন সংবাদ মেলত কয় যে টকিঅ’লৈ অহাৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে তেওঁক পদক জয়ৰ বাবে শুভকামনা জনাইছিল৷ সেই সময়ত মোদীয়ে কৈছিল যে অলিম্পিকৰ পৰা পদক কঢ়িয়াই অনাৰ পিছত তেওঁ সিন্ধুৰ সৈতে একেলগে বহি আইচক্রীমৰ সোৱাদ ল’ব৷

উল্লেখ্য যে সিন্ধুৱে দেওবাৰে অলিম্পিকত পদক জয়ৰ পিছতো প্রধানমন্ত্রী মোদীয়ে তেওঁক শুভেচ্ছা জনাই কৈছিল যে সিন্ধু ভাৰতৰ গৌৰৱ আৰু তেওঁক লৈ প্রতিগৰাকী ভাৰতীয় গৌৰৱান্বিত৷ শ্বাটলাৰগৰাকীক ভাৰতৰ অন্যতম সফল অলিম্পিয়ান বুলিও মোদীয়ে অভিহিত কৰিছিল৷ ইফালে, পূর্বৰ প্রশিক্ষক পুল্লেলা গোপীচান্দৰ পৰা শুভেচ্ছামূলক বার্তা লাভ কৰা বুলি পি ভি সিন্ধুৱে প্রকাশ কৰে৷ অৱশ্যে ছাইনা নেহৱালৰ পৰা এতিয়ালৈকে তেওঁ শুভেচ্ছা বার্তা লাভ কৰা নাই বুলি দুবাৰৰ অলিম্পিক পদক বিজয়ী শ্বাটলাৰগৰাকীয়ে জানিবলৈ দিয়ে৷

Exit mobile version