কাৰোবাৰ হাতত এই চীন দেখিলে ডায়েল কৰক ১০০

ক’ৰোনাৰ ভাইৰাছক প্ৰতিহত কৰিবলৈ নিতৌ ন ন পন্থা অৱলম্বন কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে । যিসকল ৰোগীৰ দেহত এই ভাইৰাছৰ লক্ষণ দেখা পোৱা গৈছে সেইসকলক ১৪ দিনৰ বাবে হোম কোৱাৰেণ্টাইন কৰা হৈছে যদিও বহুলোকে মানি চলা নাই চৰকাৰী এই নিয়ম ।

অৱশ্য়ে হোম কোৱাৰেণ্টাইনত থকা এইসকল ব্যক্তিয়ে যাতে কোনো কাৰণতে বাহিৰত বিনাদ্বিধাই ঘূৰি ফুৰিব নোৱাৰে তাৰ বাবে এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে কৰ্ণাটক আৰক্ষীয়ে । বেংগালুৰু আৰক্ষীৰ সঞ্চালক ভাস্কৰ ৰাওৱে জনোৱা অনুসৰি হোম কোৱাৰেণ্টাইনত থাকিবলৈ দিয়া প্ৰতিজন লোকৰ হাততে লগোৱা হৈছে এক বিশেষ ষ্টাম্প । ১৪ দিনৰ সময়সীমা বান্ধি দিয়া এই ষ্টাম্প থকা লোকৰ বাহিৰত দেখা পালেই ১০০ ডায়েল কৰাৰ বাবে আহ্বান জনালে সঞ্চালকগৰাকীয়ে ।

অধিক পঢ়িবলৈ ক্লিক কৰক

You May Also Like

More From Author