Site icon Guwahati Times

বেছিকৈ মূলা খোৱাৰ ফলত শৰীৰত হ’ব পৰা সমস্যাসমূহ

শীতকালত মূলাৰ চালাড খাবলৈ সৰহসংখ্যক লোকে ভাল পায়। কিয়নো, শীতকালত মূলাৰ খেতি বেছিকৈ হয়। কেতিয়াবা মূলাৰ চালাড, কেতিয়াবা আচাৰ, কেতিয়াবা পাচলিত যোগ দি মূলা খোৱা হয়। মূলাত বহুতো ঔষধি গুণাগুণ আছে, যি স্বাস্থ্যৰ বাবে অতি উপকাৰী। মূলা হৃদযন্ত্ৰ আৰু যকৃতৰ বাবে উপকাৰী, কিন্তু অত্যাধিক মূলা খোৱাটো কেতিয়াবা শৰীৰৰ বাবে বিপদজনক হ’ব পাৰে।

~ থাইৰইডৰ সমস্যা

অধিক মূলা খালে আয়ডিনৰ কাৰ্যপ্ৰণালীক প্ৰভাৱিত কৰে। মূলা অত্যাধিক খোৱাৰ ফলত, থাইৰইড গ্ৰন্থিৰ ওজন বৃদ্ধি হয়, যাৰ ফলত থাইৰইড হয়। থাইৰইড ৰোগীসকলে মূলা খোৱা পৰিহাৰ কৰিব লাগে।

~ হাইপোগ্লাইচেমিয়া

মূলা খালে, তেজত শৰ্কৰাৰ স্তৰ কমি যাব পাৰে। যদি শৰ্কৰাৰ স্তৰ বেছিকৈ কমি যায়, তেতিয়া এই স্থিতিক হাইপোগ্লাইচেমিয়া বুলি কোৱা হয়। এইটো ডায়েবেটিচৰ এক বিপদজনক স্থিতি।

~ শৰীৰটো ডিহাইড্ৰেট কৰে

মূলা বেছিকৈ খালে শৰীৰত ডিহাইড্ৰেচন হ’ব পাৰে। মূলা খোৱাৰ ফলত প্ৰস্ৰাৱ ঘনাই হয়, যাৰ ফলত শৰীৰত পানীৰ অভাৱ হয়। মূলাই শৰীৰক ডিহাইড্ৰেট কৰে। ডিহাইড্ৰেচন শৰীৰৰ বাবে একেবাৰে ভাল নহয়। মূলা খোৱাৰ ফলত শৰীৰত ছডিয়ামৰ অভাৱ হ’বলৈ ধৰে। যাৰ ফলত বৃক্ক ক্ষতিগ্ৰস্ত হ’ব পাৰে।

~ নিম্ন ৰক্তচাপৰ সমস্যা

মূলাত থকা পুষ্টিবোৰে ৰক্তচাপ হ্ৰাস কৰা কাম কৰে। যদি কাৰোবাৰ ৰক্তচাপ আগৰ পৰা কম আছে, তেনেহ’লে তেওঁ অত্যাধিক মূলা খোৱা পৰিহাৰ কৰা উচিত। লগতে মূলা অত্যাধিক খোৱাৰ ফলত উদ্বেগ, মূৰ ঘূৰোৱা আৰু উদ্বিগ্নতাৰ দৰে সমস্যা হ’ব পাৰে।

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

Exit mobile version