তিনিচুকীয়া ৰে’লৱে ডিভিজনত ৫০টা ৰে’লৰ দবা ক’ভিড ৱার্ডৰূপে ব্যৱহাৰ

0 min read

সমগ্র দেশতে ক’ৰোনা সংহাৰৰ এই সময়ছোৱাত ভাৰতীয় ৰে’ল বিভাগে গ্রহণ কৰিছে এক গুৰুত্বপূর্ণ পদক্ষেপ৷ ভাৰতীয় ৰে’ল বিভাগে ৰে’লৰ দবাসমূহ ক’ভিড ৱার্ডৰূপে ব্যৱহাৰ কৰিবলৈ প্রচেষ্টা হাতত লৈছে৷

অসমতো ৰে’লৰ দবাসমূহ ক’ভিড ৱার্ডৰূপে ব্যৱহাৰ কৰা হৈছে৷ তিনিচুকীয়া ৰে’লৱে ডিভিজনত মুঠ ৫০টা ৰে’লৰ দবা ক’ভিড ৱার্ড ৰূপে গঢ়ি তোলা হৈছে৷ ফলত ক’ভিড আক্রান্তসকলে কিছু হ’লেও সকাহ লাভ কৰিব৷ অবাধ গতিত বৃদ্ধি পোৱা ক’ৰোনা ৰোগীৰ ফলত চিকিৎসালয়সমূহ ভর্তি হৈ পৰিছে৷ ফলত ভাৰতীয় ৰে’ল বিভাগৰ এনে পদক্ষেপে কিছু পৰিমাণে সকাহ দিব জনসাধাৰণক৷

তিনিচুকীয়া ৰে’লৱে ডিভিজনৰ তিনিচুকীয়াত ১০টা, ডিব্রুগডত ২০টা আৰু মৰিয়নিত ২০টা ৰে’লৰ দবা ক’ভিড ৱার্ড ৰূপে পৰিণত কৰা হৈছে৷  এই কথা জানিব দিয়ে এ ডি আৰ এম মাছুদ আলমে৷ তেওঁ সাংবাদিকসকলক আৰু কয় যে এটা দবাত ১৮গৰাকী ৰোগী থাকিব পাৰিব আৰু ২টা অক্সিজেনৰ ব্যৱস্থা কৰা হৈছে৷ গতিকে তিনিচুকীয়াৰ ৰে’লৰ ১০টা দবাত মুঠ ১৮০গৰাকী ৰোগী থাকিব পাৰিব৷

You May Also Like

More From Author