বিটিআৰৰ ৰাইমনা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ কথা ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

1 min read

বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত ৰাজ্য বাসীলৈ এক ভাল খবৰ। বিটিআৰৰ ৰাইমনা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ কথা ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। গান্ধী মণ্ডপত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ১১ টা ৰুদ্ৰাক্ষ গছৰ পুলি ৰোপণ কৰি  দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলা প্ৰক্ৰিয়া চলি থকাৰ কথা ঘোষণা কৰে। লগতে কচুগাঁও বনখণ্ডৰ অন্তৰ্গত ৰাইমনা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ ক্ষেত্ৰত চৰকাৰৰ সিদ্ধান্তৰ কথাও অৱগত কৰে। উল্লেখ যোগ্য যে, ৰাইমনা বনাঞ্চল ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ হ’লে অসমত ৬খন লৈ বৃদ্ধি হ’ব ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা।

Himanta Biswa Sarmah

ইয়াৰোপৰি, বন আৰু পৰিৱেশ বিভাগে ৰাজ্যৰ ২৮খন জিলাত ‘সাহিত্য মনীষী উপবন’ নামৰ ২৮খন জৈৱ-বৈচিত্ৰ  উদ্যান স্থাপন কৰা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে গান্ধী মণ্ডপত যুৱ-প্ৰজন্মক জাতিৰ পিতা মহাত্মা গান্ধীৰ জীৱনৰ বিষয়ে অৱগত কৰিবলৈ গান্ধীৰ বিভিন্ন স্মৃতিচিহ্ন প্ৰদৰ্শন কৰিবলৈ গুৱাহাটী উন্নয়ন বিভাগক নির্দেশ দিয়ে।

Himanta Biswa Sarmah

পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ বশিষ্ঠত গুৱাহাটী পৌৰ নিগমৰ গেৰেজ চৌহদত ১২ খনকৈ আৱৰ্জনা নিষ্কাষণ বাহন আৱৰ্জনা সংগ্ৰহত নিয়োজিত সংগঠন সমূহক  বিতৰণ কৰে। উল্লেখ্য যে, প্ৰথম পৰ্যায়ত ১০০খন এনে বাহন বিতৰণ কৰা হ’ব বুলি ডঃ শৰ্মাই কয়।

You May Also Like

More From Author