Site icon Guwahati Times

অলিম্পিক পদক বিজেতা লাভলীনা বৰগোহাঁইলৈ “ৰণাংগন সন্মান-২০২২”#

নিউজ ব্যুৰ’,নগাঁও,৫ জুন:–মধ্য অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী ৰণাংগন প্ৰকাশনে অসমৰ সাহিত্য-সংস্কৃতি তথা সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াই অহা বৰেণ্য ব্যক্তি একোজনক “ৰণাংগন সন্মান’’ প্ৰদান কৰি আহিছে ৷ এই বৰ্ষৰ “ৰণাংগন সন্মান’’ প্ৰদানৰ বাবে পাঁচজনীয়া নিৰ্বাচক মণ্ডলীয়ে অসমৰ ক্ৰীড়া জগত তথা তৰুণ প্ৰজন্মৰ আদৰ্শ স্বৰূপ অলিম্পিক ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক নিৰ্বাচিত কৰিছে ৷ উল্লেখ্য যে ইতিমধ্যে দুগৰাকী বৰেণ্য ব্যক্তিক “ৰণাংগন সন্মান’’ প্ৰদান কৰিছে ৰণাংগন প্ৰকাশনে ৷ ২০২০ চনত প্ৰথিতযশা সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত হোমেন বৰগোহাঞিক আৰু সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত বলিষ্ঠ লেখিকা ৰীতা চৌধুৰীক “ৰণাংগন সন্মান” প্ৰদান কৰিছে ৷ ৰাষ্ট্ৰীয় অজুৰ্ন বঁটা,মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰাৰ উপৰি সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েচনৰ এথলীট কমিটিৰ অধ্যক্ষ আৰু ভোটিং মেম্বাৰ হিচাপে নিৰ্বাচিত লাভলীনা বৰগোহাঁইক এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই সন্মানেৰে সন্মানিত কৰিব বুলি মাহেকীয়া বাৰ্তালোচনী আৰু সাপ্তাহিক বাতৰিকাকত ‘ৰণাংগন’ৰ সম্পাদক মিণ্টু দাস আৰু ৰণাংগন প্ৰকাশনৰ পৰিচালন সম্পাদক সঞ্জীৱ বৰাই জনাইছে । সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বাৰ্তাত কয় যে ৰণাংগন বঁটাত আছে এটি স্মাৰক, এখন প্ৰশস্তি পত্ৰ,শৰাই,অংগবস্ত্ৰ আৰু নগদ ১০ হেজাৰ টকাৰ ধনৰ টোপোলা ৷ ৰণাংগনৰ প্ৰকাশনৰ প্ৰকাশ পোৱা মাহেকীয়া বাৰ্তালোচনী ‘ৰণাংগন’ আৰ এন আই আৰু আই এছ এন এনৰো পঞ্জীয়ন লাভ কৰা এখন উন্নতমানৰ মাহেকীয়া বাৰ্তালোচনী ৷ ইয়াৰ সমান্তৰালভাৱে ‘’সাপ্তাহিক ৰণাংগন’’ কাকতখনো নিয়মীয়াকৈ প্ৰকাশ পাই আছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version