23.6 C
Assam
Sunday, September 25, 2022

Featured News

ৰঙিয়াৰ ভাৰত -ভূটান সীমান্ত আন্তঃৰাষ্ট্ৰীয় পথৰ কৰৰাত শুকুৰবাৰে সংঘটিত পথ দুৰ্ঘটনা

Assamese Newsৰঙিয়াৰ ভাৰত -ভূটান সীমান্ত আন্তঃৰাষ্ট্ৰীয় পথৰ কৰৰাত শুকুৰবাৰে সংঘটিত পথ দুৰ্ঘটনা

ৰঙিয়াৰ ভাৰত -ভূটান সীমান্ত আন্তঃৰাষ্ট্ৰীয় পথৰ কৰৰাত শুকুৰবাৰে নিশা সংঘটিত পথ দুৰ্ঘটনাত থিতাতে মৃত্যু যুবকৰ ।তীব্ৰবেগী AS-28C -2902 নম্বৰৰ উইংগাৰৰ খুন্দাত অকাল মৃত্যুক সাবটি লয় গৰ্গ কলিতা নামৰ জীৱনৰ ৪২টা বৰ্ষ গৰকা যুৱকজনে ।দোকানলৈ মেচ আনিবলৈ যোৱাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো ।ইফালে দুৰ্ঘটনা সংঘটিত কৰি তীব্ৰ বেগত পলায়ন কৰে যদিও তৰণীত এজোপা গছত খুন্দিয়াই আহত হয় চালকজন ।গছজোপাৰ তলত ৰখাই থোৱা বাইক এখনৰো ক্ষতিসাধন হয় যদিও চালকজন কথমপি ৰক্ষা পৰে ।ইফালে দুৰ্ঘটনা স্থলীত তুলসীবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ টো উদ্ধাৰ কৰাৰ লগতে আহত চালকজনক ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

ৰিজাউল হাচান ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: