Site icon Guwahati Times

ৰঙিয়াত বড়ো মাধ্যম দিৱস পালন,ভাষা বিৰোধী স্থিতিৰ বাবে চৰকাৰক তীব্ৰ সমালোচনা ।

আজি বড়ো মাধ্যম দিৱস ।1963 চনৰ আজিৰ দিনটোত বড়ো ভাষাক শিক্ষাৰ এটা মাধ্যম হিচাপে স্বীকৃতি দিয়া হৈছিল । এইদিনটো বড়ো জাতি সকলে বড়ো মাধ্যম দিৱস হিচাপে পালন কৰি আহিছে । আজি ৰঙিয়াৰ ট্ৰাইবেল ৰেষ্ট হাউচত বড়ো মাধ্যম দিৱস উদযাপন কৰি এখনি প্ৰতিবাদী সভা অনুষ্ঠিত কৰে । অসম চৰকাৰে ষষ্ঠ শ্ৰেণী লৈকে ছাত্ৰ ছাত্ৰী সকলে অংক আৰু বিজ্ঞান বিষয়তো ইংৰাজীত পঢ়িব লাগিব বুলি ঘোষণা কৰিছিল । ইয়াৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল সংগঠনে তীব্ৰ বিৰোধিতা কৰিছিল । আজি ৰঙিয়া জিলা বড়ো সাহিত্য সভাই এই সিদ্ধান্তৰ তীব্ৰ সমালোচনা কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ জনাই । অংক আৰু বিজ্ঞান বিষয়ৰ কিতাপ বোৰ যাতে চৰকাৰে স্থানীয় ভাষাত চপাই ,ছাত্ৰ ছাত্ৰী সকলক স্থানীয় ভাষাত পঢ়াৰ সুবিধা কৰি দিয়ে ,এই বুলি দাবী জনায় সংবাদ মাধ্যমৰ জৰিয়তে । নতুন শিক্ষা নীতিয়েও এই কথা কয় যে ছাত্ৰ ছাত্ৰী সকলে শিক্ষা গ্ৰহণৰ মাধ্যম নিজৰ মাতৃ ভাষাত কৰে,কিন্তু ইয়াৰ বিপৰীতে অসম চৰকাৰে ইয়াৰ সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰি ইংৰাজী ভাষাতো জাপি দিব বিচাৰিছে । আগন্তুক সময়ত বড়ো সংগঠন সমূহে ইয়াৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰিবলৈ কুণ্ঠাবোধ নকৰে বুলি জানিব দিয়ে ।

ৰঙিয়াৰ পৰা ৰিজাউল হাচান ।

Exit mobile version