Site icon Guwahati Times

ৰঙিয়াত নকল সোনৰ নাওঁ সহ তিনিজনক আটক

 

ৰঙিয়া আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা এক অভিযান চলাই ৰঙিয়াৰ সমিপৰ বাক্সা জিলাৰ ধুলাবড়ীৰ পৰা তিনিজন ব্যক্তিক আটক কৰাৰ লগতে নকল সোনৰ এখন নাওঁ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ৰঙিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে জানিবলৈ দিয়ামতে আটকাধিন ব্যক্তি কেইজন হৈছে লক্ষীমপুৰ বিহপুৰীয়াৰ ৰোস্তম আলী, বিহপুৰীয়া সোনাপুৰৰ অজিত আলীৰ আৰু ৰঙিয়াৰ সমিপৰ বাক্সা জিলাৰ খন্দিকৰৰ আবুল হুছেইন । আৰক্ষীয়ে নকল সোনৰ নাওঁ খনৰ লগতে ধৃত ব্যক্তি কেইজনৰ পৰা চাৰিটা মোবাইলৰ সহ এ এছ ০১ ই এছ নম্বৰৰ পালচাৰ বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ৰঙিয়াৰ পৰা ৰিজাউল হাচান

Exit mobile version