বন্ধ হ’ব পুৰণি ১০০, ১০, ৫ টকীয়া নোট

0 min read

প্রচলন বন্ধ হ’ব পুৰণি ১০০, ১০ আৰু ৫ টকীয়া নোটৰ৷ ভাৰতীয় ৰিজার্ভ বেংকে এই পুৰণি ১০০, ১০ আৰু ৫ টকীয়া নোট অহা মার্চ অথবা এপ্রিল মাহৰ ভিতৰত প্রচলন বন্ধ কৰাৰ পৰিকল্পনা প্রস্তুত কৰিছে৷ ৰিজার্ভ বেংকৰ সহকাৰী মহাপ্রবন্ধক (এ জি এম) বি মহেশে এই কথা ৰাজহুৱাভাৱে প্রকাশ কৰিছে৷

এ জি এম মহেশে প্রকাশ কৰা অনুসৰি মার্চৰ শেহত অথবা এপ্রিলৰ প্রাৰম্ভতে আৰ বি আয়ে পুৰণি উল্লিখিত তিনিবিধ নোট স্থায়ীভাৱে প্রচলন বন্ধ কৰাৰ পৰিকল্পনা কৰিছে৷ ডিষ্ট্রিক লেভেল ছিকিউৰিটী কমিটী (ডি এল এছ চি) আৰু ডিষ্ট্রিক লেভেল কাৰেন্সী মেনেজমেণ্ট কমিটী (ডি এল এম চি)ৰ এক বৈঠকত এ জি এম মহেশে ৰিজার্ভ বেংকৰ এই পৰিকল্পনাৰ বিষয়ে সদৰী কৰিছে৷

তাৎপর্যপূর্ণ যে এই পুৰণি নোটৰ বিপৰীতে ইতিমধ্যে বজাৰত নতুন ১০০, ১০ আৰু ৫ টকীয়া নোটৰ প্রচলন হৈছে৷ ২০১৯ চনত ৰিজার্ভ বেংকে নতুন ১০০ টকীয়া নোটৰ প্রচলন আৰম্ভ কৰিছে৷ ইয়াৰ পাছতে ১০ টকীয়া আৰু ৫ টকীয়া নোটৰ প্রচলন আৰম্ভ কৰে৷

You May Also Like

More From Author