ৰিজাউল হাচান, ৰঙিয়া: ৰাজ্যজুৰি ভুমিকম্পৰ জোকাৰণিয়ে আতংকিত কৰাৰ সময়তে ৰঙিয়াৰ স্বস্তি হস্পিতালত সংঘটিত হৈছে বিৰল ঘটনা ।
এগৰাকী প্ৰসুতি মহিলাই জন্ম দিলে চাৰিটিকৈ সন্তান ।
ধুবুৰীৰ এই প্ৰসুতি মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি চিকিৎসালয় খনৰ জ্যেষ্ঠ চিকিৎসক হিতেন্দ্ৰ কলিতাৰ তত্বাৱধানত চিকিৎসা গ্ৰহণ কৰি আছিল ।
বুধবাৰে মহিলাগৰাকীয়ে জন্ম দিলে দুজনী কন্যা সন্তানৰ লগতে দুগৰাকী লৰা সন্তান ।
প্ৰথম বাৰৰ বাবে চিকিৎসালয়খনত ঘটিল এই ঘটনা ।
ইয়াৰ পিছতেই উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে চিকিৎসক কৰ্মচাৰীৰ লগতে পিতৃ মাতৃ ।

