Site icon Guwahati Times

প্ৰথমে গৃহমন্ত্ৰীৰ মিটিঙত সোমোৱাত বাধা আৰু তাৰপিছত স্পষ্টিকৰণ,মন্ত্ৰী ৰঞ্জিত দাসৰ বিলৈৰ পৰা নাই অন্ত

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি পুৱা ১০:৩০ বজাত অসমৰ মানকাচাৰত ভাৰত-বাংলাদেশ সীমান্তত উপস্থিত হৈ সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। তেওঁ লগতে, সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) সৈতে নিৰাপত্তাৰ দিশ কিদৰে পৰিচালনা হয় তাৰ ওপৰত এক আভাস লয়। কেন্দ্রীয় গৃহমন্ত্ৰী গৰাকীয়ে শেষত সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। ইয়াতেই সংঘটিত হৈছিল এক আমোদজনক ঘটনা।মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মঞ্চলৈ প্ৰৱেশ কৰিব বিচাৰোতেই বাধা দিছিল নিৰাপত্তাৰক্ষীয়ে।এই কাৰ্য্যৰ পিছত মন্ত্ৰীৰ বিলৈ দেখি সৰ্বত্ৰে হাঁহিৰ খোৰাক উঠিছিল।

ইয়াকে লৈ ফেচবুক যোগে নিজৰ মন্তব্য প্ৰকাশ কৰিলে মন্ত্ৰী গৰাকীয়ে,”আজি মানকাচৰত দেশৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে মই BOP টাৱাৰলৈ যাওঁতে বিএছএফৰ বিষয়াই মোক ওপৰলৈ যোৱাত বাধা আৰোপ কৰে।উল্লেখ্য যে, উক্ত টাৱাৰটোত কেৱল মাত্ৰ ৮ জন মানুহ উঠিব পৰাহে ক্ষমতা আছিল ৷ যিহেতু, মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে বিএছএফৰ মুখ্য বিষয়া সহিতে ইতিমধ্যেই ৮ জন মানুহ টাৱাৰত থকাৰ পৰিপ্ৰেক্ষিতত মোক তালৈ যোৱাত বিষয়াসকলে বাধা দিয়ে ৷ বিএছএফৰ বিষয়াই নিৰাপত্তাৰ খাতিৰত মোক বাধা দিয়া বিষয়টো মই সন্মান জনাইছোঁ ৷ মই ইতিমধ্যেই মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াক স্বাগতম জনোৱাৰ পৰা কামাখ্যা মন্দিৰ পৰিদৰ্শন আৰু বিএছএফে আয়োজন কৰা সভাতো মঞ্চত একেলগে আছিলোঁ ৷ ৰাইজে সেই কথা ইতিমধ্যেই গম পাইছে ৷”

“কিন্তু আমাৰ একাংশ সংবাদ মাধ্যমে বিষয়টো নজনাকৈ ভুলকৈ বাতৰি পৰিৱেশন কৰাটো মোৰ দৃষ্টিগোচৰ হৈছে ৷ নিৰাপত্তাৰ খাতিৰত বিএছএফৰ বিষয়াই কৰা কামটোত অন্য দিশেৰে ৰাইজৰ আগত উপস্থাপন কৰি দেশ মাতৃৰ সুৰক্ষাত নিয়োজিত বিএছএফৰ বিষয়াৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি প্ৰশ্নবোধক অনা কথাটোত মই খুবেই দুঃখিত হৈছোঁ৷”

Exit mobile version