Site icon Guwahati Times

যি পিতৃ–মাতৃয়ে ১০ টকাও ছাত্র–ছাত্রীৰ বাবে খৰচ কৰিব নোৱাৰে, মই ক’ম যে সেই পিতৃ–মাতৃৰ মতলব বেলেগ

ৰাজ্যৰ আদর্শ বিদ্যালয়সমূহত প্রতিমাহে ৩০০ টকাকৈ প্রতিগৰাকী শিক্ষার্থীৰ বিপৰীতে মাচুল নির্ধাৰণক কেন্দ্র কৰি প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে আজি ৰাজ্য চৰকাৰৰ কঠোৰ স্থিতি প্রকাশ কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ ৰাজ্য চৰকাৰৰ সিদ্ধান্তক লৈ সাধাৰণ ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হ’লেও মাচুল আদায়ক লৈ শিক্ষামন্ত্রীগৰাকীয়ে একপ্রকাৰ কঠোৰ স্থিতি গ্রহণ কৰা পৰিলক্ষিত হয়৷ ৰাজ্যৰ আদর্শ বিদ্যালয়সমূহত মাচুল আদায় দিব নোৱাৰাটো কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলি উল্লেখ কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয়– ‘মাহিলি ৩০০ টকা মানে দিনত ১০ টকাকৈ আদায় দিব লাগিব৷ আপুনি ইংৰাজী মাধ্যমত পঢ়িবও বিচাৰিব আৰু দিনত ১০ টকা দিবও নিবিচাৰিব৷ এয়া হ’ব নোৱাৰে৷ সময়ত মাচুল আদায় নিদিলে ৫ টকা জৰিমনা ভৰিবই লাগিব৷ দিনে ১০ টকাকৈ কিয় দিব নোৱাৰে৷ যি পিতৃ–মাতৃয়ে ১০ টকাও ছাত্র–ছাত্রীৰ বাবে খৰচ কৰিব নোৱাৰে, মই ক’ম যে সেই পিতৃ–মাতৃৰ মতলব বেলেগ৷ তেওঁলোকে এফালে ইংৰাজী মাধ্যমৰ স্কুলো বিচাৰিব, ইংৰাজী মাধ্যমত পঢ়াবও বিচাৰিব আৰু দিনত ১০ টকা দিয়াটোত তেওঁলোকৰ আপত্তি আছে৷ এয়া কোনো গ্রহণযোগ্য কথা হ’ব নোৱাৰে৷’ আনহাতে, মাচুল নির্ধাৰণক কেন্দ্র কৰি সৃষ্টি হোৱা প্রতিবাদ সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত শিক্ষামন্ত্রীগৰাকীয়ে কয় যে আন্দোলন অসমত বহুতে বহুত কাৰণত কৰে৷ ১০ টকাটো দিয়াত অভিভাৱকৰ আপত্তি আছে, কিন্তু অসম চৰকাৰে এইটো গ্রহণ কৰিব নোৱাৰে৷ মূলতঃ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত সম্পূর্ণ বিনামূলীয়াকৈ চৰকাৰে শিক্ষাদান কৰিছে বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয় যে মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ চৰকাৰে পৰিচালনা কৰি আহিছে৷ অসমীয়া–বাংলা–বড়োকে ধৰি মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ আছে৷ তাত সম্পূর্ণ বিনামূলীয়াকৈ শিক্ষাদান কৰা হয়৷ একাধিক অভিভাৱকে ইংৰাজী মাধ্যমৰ বিদ্যালয়ো অসম চৰকাৰে পৰিচালনা কৰিব লাগে বুলি দাবী জনাই আহিছে৷ সেয়েহে এতিয়া চি বি এছ ইৰ অধীনত ইংৰাজী মাধ্যমৰ আদর্শ বিদ্যালয়সমূহ স্থাপন কৰা হৈছে৷ চি বি এছ ইৰ নিয়ম–নীতি অনুসৰি তাত আন কিছুমান সা–সুবিধা প্রদান কৰিব লাগে৷ সেয়েহে আন্তঃগাঁথনি, শিক্ষক–শিক্ষয়িত্রী চৰকাৰে প্রদান কৰিছে৷ অতিৰিক্তভাৱে শিক্ষার্থীসকলক যিসমূহ সা–সুবিধা প্রদান কৰিব লাগে, তাৰ বাবেহে ৩০০ টকাকৈ মাচুল ধার্য কৰা হৈছে৷ অৱশ্যে দাৰিদ্র্য সীমাৰেখাৰ তলৰ শিক্ষার্থীৰ বাবে ২০ শতাংশ আসন বিনামূলীয়া বুলি উল্লেখ কৰি ডাঃ পেগুৱে কয়– ‘২০ শতাংশ আসন আমি দাৰিদ্র্য সীমাৰেখাৰ কাৰণে বিনামূলীয়াকৈ ৰাখিছোঁ৷ আন ৮০ শতাংশ শিক্ষার্থীয়ে মাচুল আদায় দিব লাগিব৷ আমি অসমীয়া, বড়ো আৰু বাংলা মাধ্যমৰ বিদ্যালয়সমূহকো সেই একেই মানৰ কৰিবলৈ চেষ্টা কৰি আছোঁ৷ আমাক কিছু সময়ৰ প্রয়োজন হ’ব৷ অভিভাৱকৰ দাবীতে ইংৰাজী মাধ্যমৰ বিদ্যালয় হৈছে আৰু এই ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ৩০০ টকা মাচুল দিবই লাগিব৷’ উল্লেখ্য যে আজি সমগ্র শিক্ষা অসম আৰু সুমংগল ফাউণ্ডেচনৰ মাজত সম্পন্ন হোৱা এক বুজাবুজি চুক্তিৰ আনুষ্ঠানিক অনুষ্ঠানত উপস্থিত হৈ শিক্ষামন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে৷ একেটা অনুষ্ঠানতে এগৰাকী শিক্ষয়িত্রীয়ে কৰা প্রশ্ণত কম্পিউটাৰ শিক্ষক সন্দর্ভত শিক্ষামন্ত্রীগৰাকীয়ে কয়– ‘কম্পিউটাৰ শিক্ষক সুকীয়াকৈ নাথাকে৷ স্মার্ট ম’বাইল ফোন আপোনালোকে যিদৰে ব্যৱহাৰ কৰিবলৈ শিকিছে, সেইদৰে কম্পিউটাৰো শিকি ল’ব৷ মই বাৰে বাৰে কৈছোঁ যে সেই ধাৰণাটো আপোনালোকে স্পষ্ট হওক৷ যিদৰে আমাৰ কার্যালয়সমূহত টাইপিষ্ট নাথাকে অথবা টাইপিষ্টৰ চাকৰিটো নাইকিয়া হৈ গ’ল, সেইদৰে ডিটিপি অপাৰেটৰ বুলিও কোনো চাকৰি নাথাকে৷ সকলোৱেই নিজেই কৰিব লাগিব৷ মই নিজে ডিটিপি কৰোঁ, মিছন সঞ্চালকেও নিজেই ডিটিপি কৰে৷’ এই বুজাবুজি চুক্তিৰ অধীনত ডিব্রুগড় আৰু কামৰূপ মহানগৰ জিলাৰ ১০খনকৈ বিদ্যালয়ত টিংকাৰিং লেব স্থাপন কৰা হ’ব৷ শিক্ষামন্ত্রীগৰাকীৰ উপস্থিতিত সমগ্র শিক্ষাৰ মিছন সঞ্চালক ড০ ওম প্রকাশ আৰু সুমংগল ফাউণ্ডেচনৰ প্রতিনিধি গিৰীশ পৰশ্রমকাই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷ এইক্ষেত্রত এছ বি আই কার্ড আৰু পেমেণ্ট ছার্ভিচেছ লিমিটেডে সহযোগিতা আগবঢ়াইছে৷ চুক্তি অনুসৰি ডিব্রুগড় জিলাৰ শেনছোৱা পুখুৰী এইচ ই স্কুল, দিনজয় এইচ এম এইচ এছ স্কুল, বগডুং হাইস্কুল, জয়পুৰ হায়াৰ ছেকেণ্ডাৰী স্কুল, হাতীআলি হাইস্কুলত এই লেব স্থাপন কৰা হ’ব৷ আনহাতে, কামৰূপ মহানগৰ জিলাৰ ক্ষেত্রী হাইস্কুল, পাণ্ডু আদর্শ হাইস্কুল, গণেশ মন্দিৰ এইচ এছ স্কুল, সাবিত্রী ভৰালী হাইস্কুল আৰু গীতানগৰ হাইস্কুলত টিংকাৰিং লেব স্থাপন কৰা হ’ব৷ অনুষ্ঠানত মন্ত্রীগৰাকীয়ে সুমংগল ফাউণ্ডেচনক এই পদক্ষেপৰ বাবে প্রশংসা কৰে৷ শিক্ষামন্ত্রীগৰাকীয়ে কয় যে বর্তমান যুগ হৈছে বিজ্ঞান আৰু প্রযুক্তিৰ যুগ৷ সেয়েহে শিক্ষার্থীসকলক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ লগত চিনাকি কৰাই দিয়াৰ বাবে ৰাজ্যখনৰ শিক্ষা বিভাগে এই পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ উপৰি তেওঁ উল্লেখ কৰে যে ভৱিষ্যতে অধিক বিদ্যালয়ত টিংকাৰিং লেব স্থাপন কৰা হ’ব৷ অনুষ্ঠানত সমগ্র শিক্ষাৰ কার্যবাহী সঞ্চালক সঞ্জয় দত্তৰ লগতে সুমংগল ফাউণ্ডেচনৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷

Exit mobile version