Site icon Guwahati Times

বটদ্ৰৱাত ধৰ্ষণ কৰাৰ চেষ্টা কৰা যুৱকৰ যৌনাঙ্গ কাটিলে মহিলাই; হাস্পতালত ভৰ্তি

বুধবাৰে নিশা বটদ্ৰৱাত এগৰাকী মহিলাই আত্মৰক্ষাৰ বাবে এজন পুৰুষৰ যৌনাঙ্গ কাটি পেলায়। যেতিয়া পুৰুষজনে তেওঁক ধৰ্ষণ কৰাৰ চেষ্টা কৰিছিল তেতিয়াই এই ঘটনা সংঘটিত হয়।

উল্লেখ্য যে অভিযুক্ত পুৰুষজনে মহিলাগৰাকীৰ কাষতে বাস কৰিছিল। নিশা পুৰুষ জনে মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰি তেওঁক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। আত্মৰক্ষাৰ বাবে মহিলাগৰাকীয়ে গাৰুৰ তলত লুকুৱাই থোৱা তীক্ষ্ণ অস্ত্ৰৰে পুৰুষজনৰ যৌনাঙ্গ কাটি পেলাই।

ইতিমধ্যে মহিলাগৰাকীয়ে বটদ্ৰৱা আৰক্ষী থানাত লোকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আনহাতে অভিযুক্তজনক সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু বর্তমান তেওঁ চিকিৎসাধীন হৈ আছে।

Exit mobile version