Site icon Guwahati Times

মেট্ৰিকৰ ফলাফলত অসন্তুষ্টসকলৰ বাবে বিশেষ পৰীক্ষা!

শুকুৰবাৰে ঘোষণা কৰা হৈছিল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। ক’ভিডকালীন জটিলতাৰ বাবে বাতিল কৰা হৈছিল লিখিত পৰীক্ষা। বিশেষ মূল্যায়নৰ ভিত্তিত ঘোষণা কৰা হয় ফলাফল।

পৰীক্ষাৰ ফলাফলত অসন্তুষ্ট পৰীক্ষাৰ্থীসকলৰ বাবে  বিশেষ পৰীক্ষাৰ আয়োজন কৰিব ছেবাই। আজি এই কথা সদৰী কৰিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে।

অহা ৫ আগষ্টৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব। ১২ আগষ্টলৈ আবেদন কৰিব পাৰিব পুনৰ পৰীক্ষাত বহিব খোজা ছাত্ৰ-ছাত্ৰীসকলে।

অনলাইন আৰু ৱেবচাইটযোগে আবেদন কৰিব পাৰিব। তাৰবাবে লগ ইন কৰিব লাগিব sebaonline.org ৱেবচাইটত। ছখন প্ৰশ্নকাকতৰ তাত্বিক (থিয়ৰি) অংশৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। ছেবাই প্ৰদান কৰা তথ্যৰ পৰা আভ্যন্তৰীণ মূল্যায়ন আৰু ব্যৱহাৰিক পৰীক্ষাৰ নম্বৰ গ্ৰহণ কৰা হ’ব।

অৱশ্যে এই পৰ্যন্ত বিশেষ পৰীক্ষাৰ সূচী ঘোষণা কৰা নাই ছেবাই।

Exit mobile version