মহানগৰীত খাদ্যসামগ্রী–মাস্ক–ছেনিটাইজাৰ বিতৰণ

1 min read

ৰাজ্যৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন ‘সদিচ্ছা’ই ক’ভিডৰ দ্বিতীয় ঢ়ৌ আৰম্ভ হোৱাৰ পৰা আর্তজনক সহায়ৰ হাত আগবঢ়াই আহিছে৷ ‘সদিচ্ছা’ৰ সদস্যসকলে মহানগৰীৰ বিভিন্ন স্থানত ৰাইজৰ মাজত ক’ভিড সজাগতা অভিযান চলোৱাৰ লগতে মাস্ক–ছেনিটাইজাৰ, চাবোন আদিকে ধৰি বিভিন্ন সামগ্রী বিতৰণ কৰি আহিছে৷ বিগত বর্ষৰ লকডাউনৰ সময়ত ভূপেন হাজৰিকাৰ জন্মদিনৰ দিনাৰে পৰা ‘মানুহে মানুহৰ বাবে’ শীর্ষক অভিযান আৰম্ভ কৰি ‘সদিচ্ছা’ই আর্তজনক সহায়ৰ হাত আগবঢ়াই আহিছে৷ এই অভিযানৰ অংশ হিচাপে ‘সদিচ্ছা’ই হেঙেৰাবাৰী, মহেশ নগৰৰ ৫০টা, আমচাঙৰ ১০০টা, কইনাধৰাৰ ৫০টা, জি এছ ৰোড, শিলপুখুৰী, জুৰোড, ছার্ভেৰ ২০টাকৈ পৰিয়ালৰ মাজত শুকান খাদ্যবস্তুৰ লগতে নিত্য ব্যৱহার্য সামগ্রী, ছেনিটাৰী পেড, গাখীৰ বিতৰণ কৰে৷

ইফালে ‘সদিচ্ছা’ই প্রতি দেওবাৰে উলুবাৰী, ৰূপনগৰ, খানাপাৰা অঞ্চলত ১০০গৰাকী লোকক দুপৰীয়াৰ আহাৰ যোগান ধৰি আহিছে৷ তদুপৰি অ’লা–উবেৰ চালকসকলৰ মাজতো খাদ্য সামগ্রী বিতৰণ কৰিছে৷ যোৱা ৫ জুনত ‘সদিচ্ছা’ৰ সদস্যসকলে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গান্ধী মণ্ডপত বৃক্ষৰোপণ কৰাৰ লগতে ছয়গাঁও, যোৰহাট, ঢ়েকীয়াজুলিত বৃক্ষৰোপণ কৰে৷ উল্লেখ্য যে বিগত বর্ষত লকডাউনৰ সময়ছোৱাত ১০০০ লোকৰ মাজত মাস্ক–ছেনিটাইজাৰ বিতৰণ কৰিছিল৷ লক্ষণীয় যে জন্মলগ্ণৰে পৰা গুৱাহাটীৰ লুটুমাস্থিত হেল্পিং হেণ্ডছ অ’ল্ড এজ হোমৰ আৱাসীসকলৰ শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ হকে কাম কৰি অহা ‘সদিচ্ছা’ই স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰি আহিছে৷ শেহতীয়াকৈ যোৱা ফেব্রুৱাৰী মাহত বিশিষ্ট দন্ত্য চিকিৎসক ডাঃ আচিফ আহমেদ আৰু স্ত্রীৰোগ বিশেষজ্ঞ ডাঃ কল্পনা চৌধুৰীয়ে আৱাসীসকলৰ স্বাস্থ্য পৰীক্ষা কৰে৷ ‘সদিচ্ছা’ৰ উদ্যোগত কেইবাবাৰো মাহত প্রয়োজন হোৱা সমুদায় ঔষধ আৰু খাদ্য–সামগ্রী প্রদান কৰা হয়৷ বর্তমানো মাজে–সময়ে এনেধৰণৰ সহায় আগবঢ়াই থকা হৈছে৷ Niyomiya Barta

You May Also Like

More From Author