Site icon Guwahati Times

শক্তিপীঠ কামাখ্যা মন্দিৰত নৱৰাত্ৰি উদযাপন!

আজি মা দুৰ্গাৰ দ্বিতীয় অৱতাৰ অৰ্থাৎ মা ব্ৰহ্মচাৰিণীৰ পূজা আৰধনা
শক্তিপীঠ কামাখ্যা মন্দিৰত নৱৰাত্ৰি উদযাপন। নৱৰাত্ৰিত মা দুৰ্গাৰ নটা ৰূপৰ পূজা-অৰ্চনা কৰা হয়। শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী। নৱৰাত্ৰিৰ প্ৰতিটো নিশাতে এটি এটি ৰূপৰ পূজা অনুষ্ঠিত কৰা হয়। দেওবাৰে শৈলপুত্ৰী পূজা অনুষ্ঠিত হয় আৰু আজি দ্বিতীয়া, অৰ্থাৎ ব্ৰহ্মচাৰিণী পূজা আৰধনা কৰা হয়।
মাতৃ দুৰ্গাৰ ন শক্তিৰ দ্বিতীয় স্বৰূপটো হ’ল ‘ব্ৰহ্মচাৰিণী’ৰ। ইয়াত ‘ব্ৰহ্ম’ শব্দৰ অৰ্থ হ’ল তপস্যা। ব্ৰহ্মচাৰিণী অৰ্থাৎ তপচাৰিণী, তপস্যা কৰা তপস্বিনী। “বেদস্তত্ত্ব তপো ব্ৰহ্ম। ” এই ব্ৰহ্মচাৰণী দেৱীৰ স্বৰূপ পূৰ্ণ জ্যোতিৰ্ময় আৰু অত্যন্ত ভব্য।ব্ৰহ্মচাৰিণী নামৰ অৰ্থ হৈছে এগৰাকী নিষ্ঠাৱান নাৰী শিষ্যা যি তেওঁৰ গুৰুৰ সৈতে আন শিক্ষাৰ্থীৰ লগত আশ্ৰমত বাস কৰে।নৱৰাত্ৰিৰ দ্বিতীয় দিনা দেৱীক পূজা কৰা হয়।
ব্ৰহ্মচাৰিণী দেৱীয়ে শুকুলা বস্ত্ৰ পৰিধাণ কৰে।তেওঁ সোঁহাতত জপ মালা আৰু বাওঁহাতত কমণ্ডলু বিদ্যমান ধাৰণ ধৰে।হিমালয়ৰ তাত পুত্ৰীৰূপে উৎপন্ন হোৱাত নিজৰ এই পৰৱৰ্ত্তী জন্মতো নাৰদৰ উপদেশমতে ভগৱান শংকৰক পতিৰূপে পাবলৈ তেখেতে অতি প্ৰচণ্ড তপস্যা কৰিছিল।
তেনে দুষ্কৰ তপস্যা কৰা বাবেহে তেখেতক “তপচাৰিণী” বা “ব্ৰহ্মচাৰিণী” নামেৰে অভিহিত কৰা হৈছিল। ব্ৰহ্মচাৰিণীৰ উপাসনা কৰিলে মানুহৰ তপস্যা, যোগ, বৈৰাগ্য, সদাচাৰ আৰু সংযম বৃদ্ধি পায়। জীৱনৰ কঠিন সংঘাতবোৰতো তেওঁৰ মন কৰ্তব্য পথৰ পৰা বিচ্যুত নহয়। দুৰ্গাপূজাৰ দ্বিতীয় দিৱসত এখেতৰে স্বৰূপৰ উপাসনা কৰা হয়।
Exit mobile version