Site icon Guwahati Times

৫৬ বিধ ব্যঞ্জনৰে ৰামলালাক দিয়া হৈছে ভোগ

অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা এমাহ সম্পূৰ্ণ হ’ল।ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ দিনাই পৰাই প্ৰতিদিনে লাখ লাখ ভক্তই শ্ৰী ৰামৰ আৰ্শীবাদ ল’বলৈ মন্দিৰত ভিৰ কৰে। ২৩ জানুৱাৰীত প্ৰায় ৫ লাখ ভক্তই ৰামলালাৰ দৰ্শন কৰে।প্ৰতিজন ভক্তই মনোবাঞ্চা পূৰণ হোৱাৰ বাবে ৰামলালাৰ চৰণত সামৰ্থ অনুসৰি দান-বৰঙনি আগবঢ়ায়।পিছে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পৰা বৰ্তমানলৈ ৰামলালাই ভক্তৰ পৰা কি কি লাভ কৰিলে জানেনে ?

শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ মতে, বিগত এটা মাহত ৬০ লাখ ভক্তই ৰাম মন্দিৰ দৰ্শন কৰে।ভক্তসকলে ৰামলালাৰ বাবে দান কৰা ধন ২৫ কোটিৰো অধিক হৈছে। মন্দিৰ চৌহদত স্থাপন কৰা দানপাত্ৰ আৰু কাউণ্টাৰৰ পৰা এই দান প্ৰাপ্ত হৈছে। এই এমাহত ভক্তই ২৫ কিলোগ্ৰাম ৰূপ আৰু ১০ কিলোগ্ৰাম সোণ ৰামলালাৰ বাবে আগবঢ়াইছে। আনহাতে, শেহতীয়াকৈ ৰামলালাক ৫৬ বিধ ব্যঞ্জনৰে ভক্তই খাদ্যও আগবঢ়াইছে। ইয়াৰ ফটো ন্যাসে ছ’চিয়েল মেডিয়াত প’ষ্ট কৰিছে।

উল্লেখ্য যে, প্ৰতিদিনে ভক্তসকলৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি দৰ্শনৰ সময়ো সলনি কৰা হৈছে। এতিয়া ভক্তসকলে পুৱা ৭ বজাৰ পৰা নিশা ১০ বজালৈ ৰামলালাক দৰ্শন কৰিব পাৰিব।

Exit mobile version