Site icon Guwahati Times

অপায় অমংগল দূৰ হ’বৰ বাবে ভগৱান শ্ৰী কৃষ্ণৰ উপদেশ…

মেকুৰীয়ে যাত্ৰা ভংগ কৰিলে অশুভ বুলি কিয় কোৱা হয়….?
কিন্তু সকলো পৰিস্থিতিত মেকুৰীয়ে যাত্ৰা ভংগ কৰিলে অশুভ হয় জানো..??

আজি আমি মেকুৰীৰ বিষয়ে নজনা তথ্য কিছুমানৰ কথা কম। কিছুমান মানুহৰ ধাৰণা আছে যে মেকুৰীয়ে ৰাস্তা পাৰ হলে যাত্ৰা ভংগ হয় বুলি। এইবোৰ ধাৰণাৰ কাৰণে মেকুৰীয়ে ৰাস্তা ইপাৰ-সিপাৰ হ’লে কিছুমান মানুহে ৰাস্তাত ৰৈ দিয়ে আৰু তেওঁৰ পিছত অহা কোনোবা যাত্ৰীয়ে যাতে তেওঁতকৈ আগতীয়াকৈ সেই ঠাই পাৰ হৈ অশুভ শক্তিৰ নাশ কৰে,সেই বুলো বিশ্বাস কৰে।

আচলতে সঁচা কথাটো হৈছে যে সকলো সময়তে মেকুৰীয়ে ৰাস্তা পাৰ হোৱাটো অশুভ নহয়। মনা যায় যে, মেকুৰীয়ে যেতিয়া বাওঁ ফালৰ পৰা সোঁফাললৈ পাৰ হৈ যায় তেতিয়া অশুভ হয়। অন্য হাতেদি মেকুৰীয়ে ৰাস্তা পাৰ হোৱাটো অশুভ মনা নহয়।সাধাৰণতে কুকুৰৰ স্মৃতি শক্তিৰ নিচিনাকৈ মেকুৰীৰ স্মৃতি শক্তিও প্ৰখৰ হয়। সেইকাৰণে ভৱিষ্যতে হোৱা ঘটনা সমূহৰ অনুমান মেকুৰীয়ে আগতীয়াকৈ গম পায় আৰু মেকুৰীয়ে ৰাস্তা পাৰহৈ মানুহৰ লগত হব লগীয়া ঘটনাৰ পৰা ৰক্ষা কৰে।

যদি কেতিয়াবা মেকুৰীয়ে বেলেগৰ পৰা আহি ঘৰত কান্দে তেতিয়া তাক অশুভ মনা হয়। তেতিয়া অনুমান কৰিব পাৰি যে আপোনাৰ ঘৰত কিবা অমংগল হ’ব পাৰে বা কাৰোবাৰ মৃত্যু হ’ব পাৰে। কিন্তু ইয়াৰ বিপৰীতে যদি মেকুৰীয়ে আপোনাৰ ঘৰত আহি গাখীৰ খাই, মেকুৰীয়ে পোৱালি জন্ম দিয়ে তেতিয়া শুভ সংকেত দিয়ে। তেতিয়া আগ জাননী দিয়ে যে মহালক্ষ্মী আৰু ধনৰ আগমন হ’ব পাৰে বা মহালক্ষ্মীৰ আশীৰ্বাদ দিব পাৰে।

ভগবান শ্ৰীকৃষ্ণৰ মতে অপায় অমংগল দূৰ হ’বৰ কাৰণে নিজ গৃহত প্ৰতিবছৰে এভাগী সত্য নাৰায়ণৰ পূজাৰ আয়োজন কৰিব লাগে।

Exit mobile version