Site icon Guwahati Times

ভাৰতৰ এই শিৱ মন্দিৰত ইঞ্চি-ইঞ্চিকৈ বাঢ়িছে নন্দীৰ প্ৰতিমূৰ্তি, জানো আহক ইয়াৰ ৰহস্য…

ভাৰতৰ এটা শিৱ মন্দিৰৰ বিষয়ে এটা বিশ্বাস আছে যে ইয়াত নন্দীৰ প্ৰতিমূৰ্তি ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। জানো আহক এই ৰহস্যময় শিৱ মন্দিৰৰ আমোদজনক কাহিনী।

ভাৰতৰ বহু মন্দিৰ ৰহস্যৰে ভৰা। ইয়াৰে এটা হৈছে অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুল জিলাত অৱস্থিত শ্ৰী যগন্তী উমা মহেশ্বৰ মন্দিৰ। পঞ্চদশ শতিকাত সংগম বংশৰ ৰজা হৰিহৰ বুক্কাই নিৰ্মাণ কৰিছিল এই মন্দিৰ। ইয়াত থকা নন্দীৰ মূৰ্তিটোৰ বাবে এই মন্দিৰটো বিখ্যাত।

কোৱা হয় যে মন্দিৰত অৱস্থিত নন্দী মহাৰাজৰ প্ৰতিমূৰ্তিটো অহৰহ ৰহস্যময় ৰূপত বিশাল হৈ পৰিছে। নন্দী মূৰ্তিৰ আকৃতি ২০ বছৰৰ মূৰে মূৰে প্ৰায় এক ইঞ্চি বাঢ়ি গৈ আছে আৰু ইয়াৰ বাবেই মন্দিৰৰ বহু স্তম্ভও আঁতৰাবলগীয়া হৈছিল।

কোৱা হয় যে নন্দী মূৰ্তিৰ মূল আকাৰ অতি সৰু আছিল যদিও যেতিয়া ইয়াৰ আকাৰ বাঢ়ি গৈ থাকিল, তেতিয়া পুৰাতত্ব বিভাগে ইয়াৰ ওপৰত গৱেষণা কৰিছিল। গৱেষণাত পোৱা গৈছে যে নন্দীৰ প্ৰতিমূৰ্তি এনে এটা শিলৰ পৰা তৈয়াৰ কৰা হৈছে, যাৰ প্ৰসাৰণৰ প্ৰৱণতা আছে।

প্ৰাচীন কালত অগস্ত্য ঋষিয়ে এই স্থানত ভগৱান ভেংকটেশ্বৰৰ মন্দিৰ নিৰ্মাণ কৰিব বিচাৰিছিল যদিও মন্দিৰত প্ৰতিমা স্থাপনৰ সময়ত মূৰ্তিটোৰ ভৰিৰ নখ ভাঙি গৈছিল। অগস্ত্য ঋষিয়ে ভগৱান শিৱৰ ওচৰত তপস্যা কৰিলে। ইয়াৰ পিছত ভগৱান শিৱৰ আশীৰ্বাদত অগস্ত্য ঋষিয়ে উমা মহেশ্বৰ আৰু নন্দীক প্ৰতিষ্ঠা কৰে।

এই মন্দিৰত পূষ্কৰিনী নামৰ পুখুৰী এটাও আছে। ইয়াত নন্দীৰ মুখৰ পৰা অবিৰতভাৱে পানী সৰি পৰে। এই পানী ক’ৰ পৰা আহে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। কোৱা হয় যে অগস্ত্য ঋষিয়ে এই পুখুৰীত স্নান কৰিহে শিৱক পূজা কৰিছিল।

Exit mobile version