Site icon Guwahati Times

ঘৰত ভগৱানৰ মূৰ্তি ৰখাৰ নিয়ম

An Indian couple spend time praying together. They are peaceful.

আমাৰ সকলোৰে ঘৰত এখন পূজা স্থল থাকে।তাত সকলোৱে ভগৱানৰ প্ৰতিমা ফটো স্থাপিত কৰি পূজা-অৰ্চনা কৰে।আমাৰ হিন্দু শাস্ত্ৰত বহু কেইগৰাকী দেৱী-দেৱতা আছে।ইয়াৰে মাজত কোনজন ভগৱানৰ পূজা কৰিবৰ বাবে-ঘৰত ৰখা হয়-ইয়াৰ বিষয়ে সকলোৱে নাজানে।

*ঘৰত সূৰ্য্য ভগৱান-

ভগৱান শ্ৰী গণেশ, শ্ৰী বিষ্ণু,ভগৱান শংকৰ, বীৰ হনুমান, মা দূৰ্গা আৰু অন্য দেৱী,মাতা পাৰ্ৱতীৰ মূৰ্তি ৰাখিব পাৰে।

*ঘৰত নটৰাজ শংকৰৰ মূৰ্তি,মাতা মহা কালীৰ মূৰ্তি, শনিদেৱৰ মূৰ্তি,ভৈৰৱ নাথৰ মূৰ্তি,মাতা লক্ষ্মীৰ থিয় হৈ থকা মূৰ্তি, ৰাহু-কেতুৰ মূৰ্তি,তথা একেজন দেৱতাৰে -দুটা মূৰ্তি ৰাখিব নালাগে।

*প্ৰায়লোকে নিজৰ ঘৰত-ভগৱানৰ মূৰ্তি কোনো নিয়ম নজনাকে-কোনো ঠাইতে স্থাপিত কৰি দিয়ে।কিন্তু ভগৱানৰ মূৰ্তি ৰখাৰ নিয়ম থাকে।নিয়মৰ অনুসাৰে-ভগৱানৰ মূৰ্তিৰ স্থাপনা কৰিব লাগে।তেতিয়াহে শুভ ফল প্ৰাপ্ত হয়।

*ঘৰত ভগৱানৰ মূৰ্তিৰ ৰখাৰ নিয়ম-

*বাস্তু শাস্ত্ৰ অনুসাৰে-এয়া মনা হয় যে-ভগৱানৰ বহুত মূৰ্তি একেলগে ৰাখিব নালাগে।লগতে-ভগৱানৰ বহুত মূৰ্তি একেলগে লগাবও নালাগে।বাস্তু অনুসাৰে-এয়া অশুভ হয়।

*ভগৱানৰ মূৰ্তি তলত ৰঙা কাপোৰ পাৰিব নালাগে।যদি ভগৱানৰ মূৰ্তি ঘৰত- উত্তৰ বা উত্তৰ-পূৰ্ৱ দিশৰ ফালে আছে-তেন্তে ভগৱানৰ মূৰ্তি তলত সেউজীয়া বা নীলা ৰংৰ কাপোৰ পাৰিব লাগে।

*আমি সকলোৱে ভগৱানৰ মূৰ্তি স্থাপনা কৰাৰ পাছত-মালা পিন্ধাও। যদি আপুনিও মূৰ্তিত মালা পিন্ধাইছে-তেন্তে সেই মালা ৰঙা হব লাগেে।

*ঘৰৰ মন্দিৰত অকলশৰীয়াকে শিৱ লিংগ স্থাপিত কৰিব নালাগে।ভগৱান শিৱৰ পৰিয়ালৰ ফটো বা মূৰ্তি ৰাখিব পাৰে।ইয়াৰ দ্বাৰা ঘৰত সুখ-সমৃদ্ধি বৃদ্ধি হয়।

*ঘৰত ভগৱানৰ মূৰ্তি স্থাপন কৰাৰ পাছত-ভগৱানক কুমকুম বা চন্দনৰ তিকা লগাব লাগে।

*ঘৰত ভগৱানৰ পাথৰৰ বা-ধাতুৰ মূৰ্তি ঘৰত ৰাখিব পাৰে।

*ঘৰৰ শোৱনি কোঠাত সকলো ধৰণৰ ভগৱানৰ মূৰ্তি বা ফটো ৰাখিব নালাগে।শোৱনি কোঠাত ৰাধা-কৃষ্ণৰ জোলনা ঝুলি থকা ফটো বা মূৰ্তি ৰাখিব পাৰে।

*ভগৱান শ্ৰী গণেশৰ-তিনিটা মূৰ্তি ঘৰত কেতিয়াও ৰাখিব নালাগে।

Exit mobile version