Site icon Guwahati Times

Vishwakarma Puja 2023: বিশ্বকর্মা পূজাৰ দিনা কৰক এই সৰু কাম, লোকচানত চলা ব্যৱসায়ৰো হ’ব জয়জয় ময়ময়

  • বিশ্বকৰ্মা কোন? বিশ্বকৰ্মা পূজাৰ দিনা এই সৰু সৰু কামবোৰ কৰিলে আপোনাৰ ব্যৱসায়ৰ হ’ব জয়জয় ময়ময়। শাস্ত্ৰ মতে সৃষ্টিৰ দেৱতা বিশ্বকৰ্মা ব্ৰহ্মাৰ পুত্ৰ।
  • সমুদ্ৰ মন্থনৰ সময়ত বিশ্বকৰ্মাৰ সৃষ্টি হয়। লগতে বহুজনে আকৌ অগ্নি আৰু বায়ুৰ পুত্ৰ বিশ্বকৰ্মা বুলিও ক’ব বিচাৰে।
  • এইবাৰ বিশ্বকৰ্মা পূজা কেতিয়া? ৩১ ভাদত বিশ্বকৰ্মা পূজা। প্ৰতি বছৰে দুৰ্গা পূজাৰ আগেয়ে অসমতো অতি ধুমধামেৰে বিশ্বকৰ্মা পূজা পালন কৰা হয়। দুৰ্গা পূজা আৰম্ভ হয় বিশ্বকৰ্মা পূজাৰে। চলিত বৰ্ষৰ ১৮ ছেপ্টেম্বৰ সোমবাৰে বিশ্বকৰ্মা পূজা।
  • যদিও এই দিনটোত পুৱা ১০:৩০ বজাৰ ভিতৰত পূজা শেষ কৰাৰ নিয়ম আছে, অমৃত যোগ আছে। অমৃত যোগৰ বাবে পূজাৰ সময় ১১:৪৭ লৈ বৃদ্ধি পালে।
  • পূজাত কি নকৰিব? বিশ্বকৰ্মা পূজাৰ দিনা কোনো কাৰণতে আমিষ খাদ্য খাব নালাগে বুলি জ্যোতিষীগৰাকীয়ে কয়। ভক্তসকলে নিৰামিষ খাদ্য খাই ভক্তিৰে বিশ্বকৰ্মাক পূজা কৰিলে সন্তুষ্ট হ’ব।
  • সেই দিনটোত কি কৰিব লাগে? সেই দিনটোত ব্যৱসায়ীসকলে ঘৰ-দুৱাৰ আৰু ব্যৱসায়িক চৌহদ চাফা কৰিব লগা হয়। কৰ্মচাৰীয়ে নিজৰ কাৰ্যালয় পৰিষ্কাৰ কৰি ৰাখিব লাগে।
  • যিসকলক আৰ্থিক আৰু ব্যৱসায়িক বিকাশৰ প্ৰয়োজন, তেওঁলোকে ব্ৰাহ্মণ বা দুখীয়াক সেৱা কৰিব লাগে। নৰনাৰায়ণ সেৱা বা দান-ধ্যান কৰিলে বিশ্বকৰ্মাৰ কৃপা লাভ কৰিব।
Exit mobile version