Site icon Guwahati Times

ৰাস্তাত পৰি থকা এই বস্তুবোৰত ভুলতেও ভৰি নিদিব!

যেতিয়া ৰাস্তাৰে খোজকাঢ়ি গৈ থাকে তেতিয়া ৰাস্তাত পৰি থকা বস্তুবোৰৰ প্ৰতি অলপ গুৰুত্ব দিব। নহ’লে আপোনাৰ অজানিতে হোৱা এই ভুলৰ পৰিনাম আপুনি বেয়াকৈ ভুগিব। নিজেই মাতি আনিব নিজৰ দুৰ্ভাগ্য। লোকবিশ্বাস অনুসৰি ৰাস্তাত পৰি থকা কিছুমান বস্তুৱে আপোনাৰ বিপদ মাতি আনিব পাৰে। পিছে জানি লও আহক কি কি বস্তু ৰাস্তাত পৰি থাকিলে ভৰি নিদিব বা ওপৰেৰে পাৰ হৈ নাযাব।

জানি লও আহক কি কি?-

১. ৰাস্তাত নেমু-জলকীয়া পৰি থকা আপুনি হয়তো প্ৰায়ে দেখা পায়। আধুনিক সময়ত মানুহে এইবোৰ কথা বিশ্বাস নকৰে যদিও বহুতৰে মনত অনেক ধাৰণা আছে যি সৌভাগ্যৰ বাবে মানুহে মানি চলে। এনে অৱস্থাত পথত কোনো বস্তু পৰি থাকিলে সেয়া স্পৰ্শ কৰা বা পাৰ হৈ যোৱাটো উচিত নহয়। ই আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

২. ৰাস্তাত পূজাৰ সামগ্ৰী বা খাদ্য ৰাখি থোৱা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, পূৰ্ব পুৰুষৰ বাবে সেই খাদ্য ৰখা হয়। এই ধৰণৰ সামগ্ৰী বা বস্তুৰ পৰা দূৰত থকা ভাল।

৩. ইয়াৰ লগতে ক’ৰবাত পোৰা কাঠ বা ছাই থাকিলে সেয়া পাৰ কৰি যোৱাটো উচিত নহয়।

৪. যেতিয়া আপুনি ক’ৰবাত কোনো মৰা জন্তু পৰি থকা দেখা পাই সেয়া দেখাৰ লগে লগে দিশ পৰিৱৰ্তন কৰিব লাগে। আপুনি তাৰ পৰা বাওঁ বা সো দিশে যাব পাৰে, কিন্তু কোনো অৱস্থাতে সেই জন্তুটোক পাৰ কৰি যোৱাৰ চেষ্টা নকৰিব।

৫. জ্যোতিষ শাস্ত্ৰ অনুসৰি, মৃত জন্তুৰ শৰীৰত যথেষ্ট নেতিবাচক শক্তি থাকে। সেয়ে যদি কোনো লোকে মৃত জন্তুৰ ওপৰেৰে পাৰ হয় যায়, সেই নেতিবাচক শক্তিয়ে সেই লোকজনৰ জীৱনত প্ৰৱেশ কৰিব পাৰে আৰু বেয়া প্ৰভাৱ পেলাব পাৰে।

৬. বহুতে তেওঁলোকৰ পৰিয়াল বা ঘৰখন বেয়া দৃষ্টিৰ পৰা ৰক্ষা কৰিবলৈ ৰাস্তাত নেমু–জলকীয়া পেলাই দিয়ে। যদি পথত কোনো নেমু–জলকীয়া পৰি থকা দেখে, তেন্তে মনত ৰাখিব তাত ভৰি নিদিব, ওপৰেৰে পাৰ নহ’ব বা গাড়ী নচলাব।

Exit mobile version