Site icon Guwahati Times

প্ৰতিদিনে কৰক মাত্ৰ এই ৩টা কাম; লক্ষ্মী মা সদায়ে সন্তুষ্ট হৈ থাকিব!

লক্ষ্মী মাৰ কৃপা থকাটো অতি প্ৰয়োজন, অন্যথা জীৱনটো অভাৱ আৰু দৰিদ্ৰতাৰে পাৰ হৈ যায়। সেয়েহে মানুহে মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ পূজা-পাঠ, অন্য় ধৰণৰ উপায় কৰি থাকে। ধৰ্ম, জ্যোতিষ শাস্ত্ৰ আৰু বাস্তু শাস্ত্ৰত মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ বহুতো কৌশল কোৱা হৈছে, যাতে ধন লাভ কৰি ধনী হৈ থাকিব পাৰে। যি ঘৰত মা লক্ষ্মী বাস কৰে, সেই ঘৰত কেতিয়াও ধনৰ অভাৱ নহয়, লগতে সদায় সেই ঘৰখন সুখী হৈ থাকে। জীৱনত সৌভাগ্য অব্যাহত থাকে। আহক জানো সেইবোৰ কি কাম, যিবোৰ কৰিলে লক্ষ্মী মা সন্তুষ্ট হৈ থাকে।

মা লক্ষ্মীক সন্তুষ্ট কৰাৰ উপায়
মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ প্ৰতিদিনে কিছুমান গুৰুত্বপূৰ্ণ কাম কৰক। এনে কৰিলে ঘৰটো সদায় ধনেৰে ভৰি থাকিব।

পিছে জানো আহক কি কি?

১. প্ৰতিদিনে ঘৰ চাফা কৰক- লক্ষ্মী মাই পৰিষ্কাৰ পৰিচ্ছন্নতা বহুত ভাল পায়। দেৱী লক্ষ্মী সেই ঘৰবোৰত বাস কৰে য’ত পৰিষ্কাৰ-পৰিচ্ছন্নতা থাকে। গতিকে আপোনাৰ ঘৰটো দৈনিক পৰিষ্কাৰ কৰক আৰু বস্তুবোৰ সুশৃংখল কৰি ৰাখক। কিন্তু মনত ৰাখিব যে ঘৰ চাফা কৰা কাম কেৱল দিনতহে কৰিব। সূৰ্যাস্তৰ সময়ত আৰু সূৰ্যাস্তৰ পিছত ঘৰ সাৰা বা মোচা কাম কৰিলে লক্ষ্মী মা অসন্তুষ্ট হয় কাৰণ এইটো সময় লক্ষ্মীৰ ঘৰত প্ৰৱেশ কৰাৰ সময়।

২. ঘৰৰ মুখ্য দুৱাৰত প্ৰতিদিনে স্বাষ্টিক বনাওক – স্বাষ্টিকৰ চিহ্নটো অতি শুভ আৰু শ্ৰদ্ধাৰ বুলি গণ্য কৰা হয়। স্বাষ্টিকৰ চিহ্নটো পূজা-পাঠ, শুভ কামত ব্যৱহাৰ কৰা হয়। প্ৰতিদিনে ঘৰৰ মুখ্য দুৱাৰত হালধিৰে স্বাষ্টিক বনাওক। এনে কৰিলে ঘৰত সৌভাগ্য আৰু সুখ আৰু সমৃদ্ধি আহে, ইতিবাচকতা থাকে। লগতে সন্ধিয়া ঘৰৰ মুখ্য দুৱাৰত ঘিউৰ চাকি জ্বলাওক, ইয়াৰ দ্বাৰা লক্ষ্মী মা সন্তুষ্ট হৈ সদায় ঘৰতে বাস কৰিব।

৩. লক্ষ্মী মাৰ পূজা – লক্ষ্মী মাক সন্তুষ্ট কৰিবলৈ প্ৰতিদিনে মা লক্ষ্মীৰ পূজা কৰক। প্ৰতি শুক্ৰবাৰে মা লক্ষ্মীৰ পূজা কৰি তেওঁক বগা মিঠাইৰ ভোগ দিয়ক আৰু ছোৱালীৰ মাজত প্ৰসাদ বিলাই দিয়ক। এনে কৰিলে লক্ষ্মী মা সন্তুষ্ট হৈ উঠে।

Exit mobile version