Site icon Guwahati Times

প্ৰভূ গণেশৰ কৃপাত আপোনাৰ সন্তানৰ ভাগ্য উদয়

নিজৰ সন্তানটো সকলোতকৈ অধিক ভাগ্যৱান,গুণৱান,ধনৱান তথা এজন সফল ব্যক্তি হোৱাটো প্ৰতিগৰকী মাতৃৰে সপোন।

সন্তান বয়সত যিমানেই ডাঙৰ নহওক কিয় এগৰাকী মাতৃয়ে নিজৰ সন্তানৰ চিন্তা ওৰে জীৱনটো কৰি থাকে।মাতৃৰ সদয়ে চিন্তা থাকে যে,সন্তানটোৱে সময়ত খালে নে নাই, ঠাণ্ডাত গৰম কাপোৰ পিন্ধিছে নে নাই, ইত্যাদি ইত্যাদি।

আজি আমি আপোনালোকক এনেকোৱা পাঁচটা উপায়ৰ বিষয়ে কবলৈ উলাইছো,যাৰ দ্বাৰা আপোনাৰ সন্তানটিৰ ভাগ্য উদয় হব আৰু জীৱনত কেতিয়াও সমস্যাৰ সন্মূখীন হব লগাত নপৰিব।

বুধবাৰ দিনটো প্ৰথমপূজ্য ভগৱান গণেশৰ দিন হিচাপে মনা যায়, আৰু তেখেতে নিজৰ ভক্তগনক বুদ্ধি,বিবেক আৰু জ্ঞান প্ৰদান কৰে।

যি উপায়ৰ বিষয়ে আমি অৱগত কৰিবলৈ উলাইছো সেই উপায় সমূহ বুধবাৰ দিনটোতে সম্পন্ন কৰিব লাগিব।তেন্তে আহকচোন জানো সেই পাঁচটা বিশেষ উপায়ৰ বিষয়ে-

প্ৰথম : বুধবাৰ দিনটো শ্ৰী গণেশৰ দিন,এই দিনটোত তেখেতক ভালদৰে পূজা অৰ্চনা কৰক তেখেতক আৰতি কৰক।আৰু পূজাৰ প্ৰথম আৰতি নিজৰ সন্তানক দিয়ক,ইয়াৰ দ্বাৰ সন্তানে ভগৱান গণেশৰ আশীৰ্বাদ লাভ কৰিব।

দ্বিতীয় : প্ৰতি বুধবাৰে সন্তানৰ হাতেৰে গাই গৰুক ৰুতি খোৱাব,ইয়াৰ দ্বাৰা কেতিয়াও দূৰ্ভাগ্যই আপোনাৰ সন্তানৰ কাষ চাপিব নোৱাৰিব।

তৃতীয় : প্ৰতিগৰাকী মাতৃয়ে বুধবাৰৰ দিনটোত নিজৰ সন্তানৰ হতেৰে দান কৰাব লাগে,দানত যিকোনো বস্তু দিব পাৰে।

চতুৰ্থ : বুধবাৰৰ দিনটোতত সন্তানক কলা ফূট লগাব লাগে,ইয়াৰ দ্বাৰা সন্তানটো ঋনাত্মক শক্তিৰ সংস্পৰ্শলৈ অহাৰ পৰা সুৰক্ষিত হৈ থাকিব।

পঞ্চম : যেতিয়াই সন্তান ঘৰৰ পৰা বাহিৰলৈ যাই তেতিয়া তেওঁক ভগৱান গণেশক আগবঢ়োৱা প্ৰসাদ সেৱন কৰাই পথাব,ইয়াৰ দ্বাৰা কোনো ঋনাত্মক শক্তি আপোনাৰ সন্তানৰ কাষ চাপিব নোৱাৰিব।

যি মাতৃয়ে উক্ত উপায় সমূহ নিয়মিত ভাবে কৰি যায় তেওঁলোকৰ সন্তানৰ ওপৰত ভগৱানৰ সদাই আশীৰ্বাদ থাকে আৰু ধনাত্মক শক্তিয়ে কেতিয়াও লগ নেৰে।যাৰ দ্বাৰা সন্তানটোৰ বিচাৰ ধাৰা সদায়ে যোগাত্মক হৈ থাকিব আৰু ফলত মস্তিস্কৰ বিকাশ সম্পূৰ্ণৰূপে হোৱাত সহায়ক হব।

উক্ত তথ্য সমূহ আপোনাৰ বন্ধু তথা পৰিয়াল বৰ্গৰ সৈতে নিশ্চয়কৈ শ্বেয়াৰ কৰিব,যাতে আমাৰ নৱপ্ৰজন্ম সকল ইতিবাচক চিন্তা ধাৰাৰ হৈ উঠে,ধন্যবাদ।

Exit mobile version