Site icon Guwahati Times

শনি দেৱক কেনেকৈ প্ৰসন্ন কৰিব পাৰি জানো আহঁক

শনিবাৰ হৈছে শনি দেৱৰ দিন ।অৰ্থাৎ শনি দেৱক পুঁজিবৰ দিন বা পূজা কৰা দিন।মান্যতাৰ অনুসৰি মনুষ্যৰ-সকলো ভাল-বেয়া কাৰ্য্যৰ ফল শনি দেৱেই দিয়ে।

আমি সকলোৱে জানো যে শনি দেৱ কাৰোবাৰ ওপৰত ক্ৰোধিত হ’লে সেই ব্যক্তিজনৰ জীৱনত বহুতো সমস্যাই দেখা দিয়ে,সেইবাবে সকলোৱে শনি দেৱক বৰ ভয় কৰে আৰু শনি দেৱক সুখী কৰিবলৈ নানান উপায় বিচাৰে বা শনি দেৱৰ পূজা কৰে।

আনহাতে শনি দেৱ যাৰ ওপৰত অন্তৰৰপৰা সুখী হয় বা বহুত প্ৰসন্ন হয় সেইজনে সকলো ক্ষেত্রতে সফলতা পায়।মনুষ্যৰ শুৱনীত কিছুমান দুখ থাকে বাবে সফলতা পোৱাত শনি দেৱে বিভিন্ন বাধা দিয়ে।এনে কিছুমান উপায় আছে,যিবোৰ কৰিলে শনি দেৱ সুখী হয় আৰু মনে বিচৰা ফল দিয়ে।এই উপায় সমূহ শণিবাৰে কৰিব লাগে।

এতিয়া জানো আহঁক চোন সেই উপায় সমূহৰ বিষয়ে

১/শনিবাৰে শনিদেৱৰ পূজা কৰিব লাগে আৰু শনিদেৱক নীলা ৰঙৰ ফুল দিব লাগে।লগতে শনিদেৱৰ মন্ত্র-ঔমঃসাঃশণচৰায়েঃনমঃ উচ্চাৰণ কৰি ৰুদ্ৰাক্ষ মালা-১০৮বাৰ জপ কৰিব লাগে।এনেকৈ প্ৰতি শনিবাৰে কৰিব লাগে।

২/পুৱা স্নান কৰি এটা বাটিত সৰিয়হৰ তেল লৈ তাতে নিজৰ প্ৰতিচ্ছবি চাব আৰু তাৰ পাছত সেই তেলখিনি কোনোবা দৰিদ্ৰ বা দুখীয়া লোকক দান দিব লাগে।এনেকুৱা কৰা ফলত শনিদেৱ সুখী হয় আৰু আপোনাৰ ভাগ্য সলনি হয় লগতে সফলতাত থকা বাধা আঁতৰি যায়।

৩/আপুনি বিচাৰে যদি ৰাতিপুৱা স্নান কৰাৰ পাছত আঁহত গছত পানী দিব পাৰে আৰু পানী দি আঁহত জোপাৰ সাত বাৰ পৰিক্ৰমা কৰিব লাগে।মন্দিৰৰ ওচৰত থকা আঁহতৰ গছত চাকিও জ্বলাব লাগে বা পাৰে।

৪/তামৰ লোটাত পানী লৈ তাত কলা ৰঙৰ তিল দিব লাগে। পাছত সেইয়া তিল শিৱলিঙ্গত দিব লাগে।এনে কৰিলে সকলো ৰোগৰপৰা মুক্তি পায় আৰু ভোলানাথৰ কৃপা গ্ৰহণ কৰিব পাৰে বা ভোলানাথৰ কৃপা দৃষ্টি তেওঁলোকৰ ওপৰত পৰে।আৰ্থিক সমস্যা দূৰ হয়।

Exit mobile version