Site icon Guwahati Times

কিয় প্ৰথমে পূজা কৰা হয় ভগৱান শ্ৰী গণেশক

ভগৱান শ্ৰী গণেশক-হিন্দু ধৰ্মৰ প্ৰথম পূজ্য দেৱতা হিচাপে গণ্য কৰা হয়।কোনো পূজা বা শুভ কাম কৰাৰ আগতে প্ৰথমে ভগৱান গণেশক পূজা কৰা হয়।

ভগৱান গণেশক পূজা নকৰাকৈ কোনো কাম সম্পন্ন কৰিব নোঁৱাৰি বুলি বিশ্বাস কৰা হয়।কিন্তু সকলো দেৱ-দেৱীৰ ভিতৰত গণেশকেই কিয় প্ৰথম পূজ্য দেৱতা বুলি গণ্য কৰা হয়!

প্ৰথম পূজ্য দেৱতা হিচাপে গণেশক পূজা কৰা লৈ মূলত: দুটা কাহিনী আছে।

এটা কিংবদন্তি অনুসৰি প্ৰথমবাৰৰ বাবে যেতিয়া দেৱী পাৰ্ৱতীয়ে গণেশক তেওঁৰ কোঠাৰ পহৰা দিবলৈ নিৰ্দেশ দিছিল-তেতিয়া গণেশে দেৱী পাৰ্ৱতীৰ আজ্ঞা পালন কৰি-ভগৱান শিৱক কোঠালৈ যাবলৈ দিয়া নাছিল-তেতিয়া এই কথাত ক্ৰোধিত হৈ মহাদেৱে গণেশৰ মূৰ কাটি পেলালে।

এই কথাতে ক্ৰোধিত হৈ-দেৱী পাৰ্ৱতীয়েও সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডক ধ্বংস কৰাৰ ভাবুকি দিলে।তেতিয়া মহাদেৱে গণেশৰ ডিঙিত এটা হাতীৰ মূৰ লগাই পুনৰ জীৱন দিলে।কিন্তু গণেশৰ গাত হাতীৰ মূৰ দেখা পায়-দেৱী পাৰ্ৱতী সন্তষ্ট নহল।তেতিয়া মহাদেৱে ঘোষণা কৰিলে যে-ভৱিশ্যতে যিকোনো পূজা বা শুভ কামৰ আৰম্ভণিতে ভগৱান গণেশক পূজা কৰা হব।গণেশৰ আৰ্শীবাদৰ অবিহনে কোনো কাম সম্পূৰ্ণ নহব।

কিয় প্ৰথমে পূজা কৰা হয়-ভগৱান শ্ৰী গণেশক-

ভগৱান শিৱই কৰিছিল ঘোষণা-

ভগৱান শিৱই এখন প্ৰতিযোগিতা আয়োজন কৰিছিল।তেওঁ সকলো দেৱতাক বিশ্ব ব্ৰহ্মাণ্ডৰ তিনিপাক ঘূৰিবলৈ কৈছিল।যিয়ে প্ৰথমে তিনিপাক সম্পূৰ্ণ কৰিব-তেওঁকেই প্ৰথম পূজ্য দেৱতাৰূপে ঘোষণা কৰা হব।ইয়াত গণেশ আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ-কাৰ্তিককে ধৰি আন আন দেৱতাসকলেও অংশ গ্ৰহণ কৰে।

ভগৱান কাৰ্তিকে নিজৰ বাহন ময়ূৰত উঠি বিশ্বব্ৰহ্মাণ্ডত ঘূৰিবলৈ ধৰিলে।একে সময়তে গণেশে বিশ্ব বহ্মাণ্ডৰ পৰিৱৰ্তে-মাক-দেউতাকক কেন্দ্ৰ কৰি ঘূৰে।গণেশে কৈছিল যে-তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ বিশ্ব ব্ৰহ্মাণ্ড।পিতৃ-মাতৃৰ প্ৰতি থকা এনে প্ৰেম আৰু প্ৰতিযোগীতাত জয়ী হোৱাৰ বুদ্ধিমতাৰ দ্বাৰা গণেশে নিজকে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰতে-আটাইতকৈ জ্ঞানী ৰূপে প্ৰমাণ দিয়ে।গণেশৰ এনে কায্যত সন্তষ্ট হৈ-মহাদেৱে গণেশক প্ৰথম পূজ্য দেৱতাৰূপে ঘোষণা কৰিছিল।

Exit mobile version