Site icon Guwahati Times

ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি, ২০ অক্টোবৰলৈ জে’লত থাকিব লাগিব ৰিয়া, ভাতৃ সৌভিক

পুনৰ ন্যায়িক জিম্মাৰ ম্যাদ বঢ়ালে ৰিয়া চক্ৰৱৰ্তী আৰু ভাতৃ সৌভিক চক্ৰৱৰ্তীৰ। সেই অনুযায়ী ২০ অক্টোবৰলৈ জে’লত থাকিব লাগিব দুয়োগৰাকী।

আজি নিৰ্ধাৰিত ন্যায়িক জিম্মাৰ ম্যাদ শেষ হৈছিল যদিও মুম্বাই ছেছন আদালতে পুনৰ দুয়োগৰাকীৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৪দিনলৈ বঢ়াই দিয়ে।

উল্লেখ্য নাৰ্কোটিকছ কণ্ট্ৰোল ব্যুৰোৱে যোৱা ৯ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিছিল অভিনেতা সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীক। সংস্থাটোৱে তদন্ত সাপেক্ষে মাদক দ্ৰব্যজনিত গোচৰত ২০ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল।

Niyomiya Barta

Exit mobile version