Site icon Guwahati Times

জেইলতেই থাকিব লাগিব ৰিয়া চক্ৰৱৰ্তী:৬ অক্টোবৰলৈ ন্যায়িক জিম্মা বৃদ্ধি

জেইলতেই থাকিব লাগিব ৰিয়া চক্ৰৱৰ্তী।সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে জড়িত ড্ৰাগছৰ গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা ৬ অভিযুক্ত ৰিয়া, শ্ববিক, ছেমুৱেল মিৰাণ্ডা, দীপেশ সাবন্ত, জেদ বিলাত্ৰা আৰু ৱাছিত পৰিহাৰৰ আজি ন্যায়িক জিম্মা সমাপ্ত হৈছিল।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আজি ৰিয়া আৰু শ্ববিকসহ ৬জন অভিযুক্তক আদালতত হাজিৰ কৰোৱা হয়।ৰিয়া চক্ৰৱৰ্তীয়ে বম্বে হাইকৰ্টত জামিনৰ আৱেদন দাখিল কৰিছিল।

কিন্তু এই আৱেদনক লৈ কোনোধৰণৰ শুনানি গ্ৰহণ কৰা হোৱা নাই।৬ অক্টোবৰলৈ বৃদ্ধি হ’ল ন্যায়িক জিম্মা।

Exit mobile version