Site icon Guwahati Times

পুনৰ বৃদ্ধি ৰন্ধন গেছৰ মূল্যঃ আজিৰ পৰা এই দামত কিনিব লাগিব চিলিণ্ডাৰ…

আকৌ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। পেট্ৰ’ল–ডিজেলৰ লগতে ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামো।

পৰ্যায়ক্ৰমে ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাইছে। মাহৰ আৰম্ভণিতে মাজনিশা পুনৰ দাম বৃদ্ধি কৰা হ’ল। আচলতে, আগৰ ২৫ টকা বৃদ্ধিৰ চাৰি দিন পিছত, গেছৰ মূল্য পুনৰ আজি বৃদ্ধি পালে।

ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য দেওবাৰে মাজনিশা ২৫ টকা বৃদ্ধি পাইছিল। আজিৰ দিনটোৰ পৰা নতুন মূল্য লাগিব। উল্লেখ্য যে এই মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

গেছৰ মূল্য আঢ়ৈ মাহত ২২৫ টকা বৃদ্ধি পাইছে। ডিচেম্বৰ আৰু ফেব্ৰুৱাৰীত পৰ্যায়ত মূল্য প্ৰায় ১০০ বৃদ্ধি কৰা হৈছে। মাৰ্চৰ প্ৰথম দিনাই পুনৰ ২৫ টকা বৃদ্ধি পালে।

১ মাৰ্চৰ পৰা ১৪.২ কিলোগ্ৰাম ওজনৰ প্ৰতিটো ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ দাম হ’লগৈ ৮২৬ টকা।
Source- Niyomiabarta

Exit mobile version