আলফাৰ জিম্মাত নাই ONGC-ৰ অপহৃত বিষয়া ৰিতুল শইকীয়া

1 min read

আলফাৰ জিম্মাত নাই ONGCৰ অপহৃত বিষয়া ৰিতুল শইকীয়া। এই ঘোষণা আলফা স্বাধীনৰ।

এক প্ৰেছ বিজ্ঞপ্তিযোগে আলফাৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে জনোৱা মতে সেনাবাহিনীৰ অভিযানৰ পৰিপ্ৰেক্ষিতত আলফাই অ’এনজিচিৰ তিনিওজন কৰ্মচাৰীকে নাগালেণ্ডৰ মন জিলাৰ এখন গাঁৱত এৰি গৈছিল। তাৰ পৰৱৰ্তী সময়ৰ ঘটনাৱলীৰ লগত আলফা জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে সংগঠনটোৱে।

উল্লেখযোগ্যে যে সেনাবাহিনীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে অপহৃত অলকেশ শইকীয়া আৰু মোহিনীমোহন গগৈক। ৰিতুল শইকীয়া সন্দৰ্ভত এতিয়াও সেনাই কোনো তথ্য প্ৰকাশ কৰা নাই।

You May Also Like

More From Author