আই পি এলত পুনৰ বিহু দেখুৱালে ৰিয়ান পৰাগে

 বাপতিসাহোন ৰঙালী বিহুৰ আনন্দত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তে বিশ্বৰ সবাতোকৈ জনপ্রিয় ক্রিকেট লীগ আই পি এলত বিহু প্রদর্শন কৰিলে অসম সন্তান ৰিয়ান পৰাগে৷

যোৱাবছৰ ইউ এ ইত অনুষ্ঠিত আই পি এলত ইংলেণ্ডৰ তাৰকা জ’ফ্রা আর্চাৰৰ সৈতে বিহু নৃত্য প্রদর্শন কৰি সমগ্র বিশ্বৰ সন্মুখত অসমৰ গৌৰৱ বৃদ্ধি কৰা উদীয়মান ক্রিকেটাৰগৰাকীয়ে যোৱানিশা দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা মেচৰ সময়তো বিহু নৃত্যৰে আনন্দ প্রকাশ কৰে৷

দিল্লী কেপিটেলছৰ অধিনায়ক তথা বিশ্ব ক্রিকেটৰ অন্যতম বিস্ফোৰক বেটছমেন ঋষভ পণ্টক ৰানআউট কৰাৰ পাছতে ৰাজস্থান ৰয়েলছৰ সতীর্থসকলৰ সৈতে বিহু নৃত্যৰে উল্লাস প্রদর্শন কৰে ৰিয়ান পৰাগে৷

সেই সময়ত ৰিয়ানক সংগ দিয়ে ৰাজস্থানৰ অধিনায়ক সঞ্জু ছেমছন, তাৰকা বেগী বলাৰ জয়দেৱ উনাডকাট, অলৰাউণ্ডাৰ ৰাহুল টেৱাটিয়া আৰু ইংলেণ্ডৰ তাৰকা জ’ছ বাটলাৰে৷

ইফালে, ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত উদীয়মান অলৰাউণ্ডাৰগৰাকীয়ে প্রকাশ কৰিছে যে যোৱাবছৰ বিৰাট কোহলিৰ পৰা লাভ কৰা মূল্যৱান পৰামর্শই তেওঁক এইবাৰ মানসিকভাৱে সবল কৰিছে৷ ‘কোহলিয়ে মোক কৈছিল যে তুমি যিহেতু ৬ অথবা ৭ নম্বৰ স্থানত বেটিং কৰা গতিকে তোমাৰ প্রধান দায়িত্ব হ’ল দ্রুতগতিৰে ৩০–৪০ ৰান সংগ্রহ কৰা৷ ব্যক্তিগত অভিলেখ স্থাপনতকৈ দলৰ জয়ত অৰিহণা আগবঢ়োৱাটো তোমাৰ বাবে অধিক প্রয়োজন৷’ –ৰিয়ানে এইদৰে কয়৷

You May Also Like

More From Author