তামুলপুৰৰ দ্বাৰকুছিত মঙ্গলবাৰে পুৱা এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুর্ঘটনাত দশম শ্ৰেণীৰ ছাত্ৰ এগৰাকীয়ে ঘটনাস্থলীতে শেষ নিশ্বাস ত্যাগ কৰে । জানিব পৰা মতে আজি পুৱা ডেফেলী গাঁৱৰ প্ৰাণেশ্বৰ দাসৰ কণ্যা হিমানী দাসে (১৫) চাইকেলেৰে টিউচনলৈ যোৱাৰ পথত ৰঙিয়া- ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাৰকুছিত এ এছ-২৫- এচি-৫৯৭০ নম্বৰৰ “চিঞা” নামৰ আল্ট্রা বাছ এখনে মহটিয়াই লৈ যায়। নিজ ডেফেলীস্থিত ডেফেলী আদর্শ হাইস্কুলৰ দশম শ্ৰেণীত অধ্যয়নৰত হিমানী দাস ঠাইতে নিহত হয়। লগে লগে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ ক্ষোভত ফাটি পৰে আৰু ক্ষুদ্ধ ৰাইজে ৰাজপথ ঘেৰাও কৰে। উত্তেজিত ৰাইজে ঘাইপথ অৱৰোধ কৰাত প্ৰায় দুই ঘন্টা যাতায়ত স্তব্ধ হৈ পৰে। কিছু সময় পিছত ঘটনাস্থলীত তামুলপুৰৰ দণ্ডাধীশ উপস্থিত হয়। তামুলপুৰ আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বাক্সা জিলাৰ সদৰ মুছলপুৰলৈ প্ৰেৰণ কৰে।
তামুলপুৰৰ দ্বাৰকুছিত পথ দুৰ্ঘটনাত দশম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু

