Site icon Guwahati Times

মুকালমুৱাত পথ দুৰ্ঘটনা; চাৰিজনকৈ লোক গুৰুতৰ ভাৱে আহত

মুকালমুৱাৰ বৰলিয়াৰপাৰত সংঘটিত এক ভয়াবহ দুৰ্ঘটনাত চাৰিজনকৈ লোক আহত।

বৰলিয়াৰপাৰ চকত বজাৰ কৰি ঘৰলৈ যাব ওলোৱা দুই বাইক আৰোহীক পিছপিনৰ পৰা অহা এখন বাইকে খুন্দিয়াই দিয়াৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

নাৰায়ণপুৰ গাওঁৰ শিক্ষক মনবাহাৰ আলীয়ে ফৰিদ আলীক লগত লৈ বৰলিয়াৰপাৰলৈ বজাৰ কৰিব আহিছিল ।

বজাৰ কৰি নিজৰ AS14G 1227 নম্বৰৰ য়ামাহা SS-RR বাইক খনেৰে ঘৰলৈ যাবলৈ লোৱাত পিছপিনৰ পৰা অহা AS25 S 5014 নম্বৰৰ পালছাৰ NS বাইক খনে প্ৰচণ্ড বেগত খুন্দিয়াই।

ফলত পালছাৰ খনত থকা দুই আৰোহী বাবুল আলী আৰু জাহাংগীৰ আলী দূৰলৈ চিটিকি যায়।

Exit mobile version