তিনিচুকীয়াত আছাৰ পথ অবৰোধ

1 min read
গুৱাহাটী: সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে চাহ জনগোষ্ঠীৰ কেইবাটাও দাবীত আজি তিনিচুকীয়াৰ বাইপাচত ২ ঘন্টীয়া পথ অবৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰে। চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী, পুৰুষ মহিলাই ৰাজপথ আৱদ্ধ কৰি পথ অৱৰোধ কৰে । বহু দিনীয়া চাহ জনগোষ্ঠীৰ সমস্যা সমূহ সমাধান কৰাৰ বাবে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ( আছা)ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত এই পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে।
চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা, চাহ বাগিচাৰ শ্ৰমিকসকলক ৩৫১ টকা হাজিৰা প্ৰদান কৰা, চাহ শ্ৰমিক সকলক ভূমি পট্টা প্ৰদান কৰা, চাহ জনগোষ্ঠীটোক স্বায়ত্ব পৰিষদ প্ৰদান কৰা আদি দাবীত উক্ত কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত তিনিচুকীয়া জিলা সমিতি আৰু তিনিচুকীয়া আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত আছিল। আছাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আছাই জনোৱা দাবী সমূহ শীঘ্ৰে পূৰণ নকৰিলে ২১ৰ নিৰ্বাচন বৰ্জ্জন কৰিব বুলিও আদিবাসী ছাত্ৰ সন্থাই হুংকাৰ প্রদান কৰিছে।

You May Also Like

More From Author