Site icon Guwahati Times

টীয়কৰ মেলেঙত পথ সুৰক্ষা সপ্তাহ সজাগতা সভা অনুষ্ঠিত


বিনামূলীয়া চকু চিকিৎসা শিবিৰ আয়োজন কৰি ট্ৰাক চালকসকলৰ চকু কৰিলে পৰীক্ষা।

যোৰহাট, ১২ জানুৱাৰী: সমগ্ৰ ভাৰতবৰ্ষতে যোৱা ১১ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈকে পথ সুৰক্ষা সপ্তাহ উদযাপন কৰিছে।ব্যতিক্ৰম নহয় টীয়কতো।আজি টীয়কৰ মেলেংস্থিত পথ নিৰ্মাতা কোম্পানীৰ VPIL আৰু SIPLৰ কেম্পৰ প্ৰাংগণত এক সজাগতা সভা অনুষ্ঠিত হয় NHIDCL,VPIL আৰু SIPL ৰ উদ্যোগত আয়োজিত এই সজাগতা সভাত NHIDCL ৰ মুখ্য প্ৰৱন্ধক শ্যাম সুন্দৰ চৌধুৰী,যোৰহাট জিলা পৰিবহণ বিষয়া ধনঞ্জয় শইকীয়া বিশেষভাৱে উপস্থিত থাকি পথৰ ওপৰত গাড়ী মটৰ চলোৱা ক্ষেত্ৰত অৱলম্বন কৰিবলগীয়া নীতি নিয়মৰ কথা সকলোকে অৱগত কৰে আৰু দুচকীয়া বাহন আৰোহীৰ হেলমেট,চাৰিচকীয়া আৰোহীৰ চিট বেল্ট তথা সুৰাপান নকৰাকৈ যান বাহন চলাবলৈ আহ্বান জনায়।ইপিনে উদ্যোক্তাসকলে বিশেষকৈ ট্ৰাক চালকসকলকে ধৰি অনান্য চালকসকলৰ চকু পৰীক্ষা কৰাৰ উদ্দেশ্যি উক্ত প্ৰাংগণতে এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে য’ত প্ৰায় শতাধিক চালক তথা সাধাৰণ ৰাইজে চকু পৰীক্ষা কৰে।উক্ত সমগ্ৰ কাৰ্যসূচীত ইমৰান আনচাৰী,সমুজ্জ্বল বৰঠাকুৰ,কুমুদ তালুকদাৰকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি তথা স্থানীয় ৰাইজ উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

Exit mobile version