Site icon Guwahati Times

মহানগৰীত দুদিনীয়াকৈ অসম ভিত্তিত স্কেটিং প্ৰতিযোগীতা

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰ’লাৰ স্কেটিং এছ’চিয়েছন অৱ আছামৰ সৌজন্যত পাঞ্জাবাৰীস্থিত এছ’চিয়েছনৰ ৰিংকত সদৌ অসম ৰ’লাৰ স্কেটিং প্ৰতিযোগিতা ২০২১ আৰম্ভ হয়। ৰাজ্যৰ ১০ খন জিলাৰ পৰা অহা দুই শতাধিক স্কেটাৰে অংশ লোৱা এই প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট উদ্যোগী সঞ্জীৱ নাৰায়ণ, অভিনেত্ৰী নিশিতা গোস্বামী, দেব কুমাৰ বৰুৱাৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

সংস্থাটোৰ ৰাজ্যিক সভাপতি মনোজ কুমাৰ শইকীয়াই পতাকা উত্তোলন কৰি আৰম্ভ কৰা আজিৰ কাৰ্যসূচীত বিভিন্ন ঠাইৰ স্কেটাৰসকলে বিভিন্ন স্কেটিংৰ কৌশল প্ৰদৰ্শন কৰে ।

আজি ৰিংক ৰেছ ৫০০ মি. ত ল’ৰা আৰু ছোৱালী উভয় শাখাতে মুঠ ২১ টা ৰেছ অনুষ্ঠিত হয়। ইপিনে ৮ নৱেম্বৰ সোমবাৰে পুৱা ৫.৩০ বজাৰ পৰা ৰোড ৰেচ আৰু দুপৰীয়ালৈ ৰিংক ৰেছ অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে এই প্ৰতিযোগিতাৰ পৰায়ে ৰাজধানী দিল্লীত অহা ১১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় ৰ’লাৰ স্কেটিং প্ৰতিযোগিতালৈ ৰাজ্যিক দল বাছনি কৰা হ’ব । লগতে ৰাষ্ট্ৰীয় বিচাৰক নিৰজ আৱানাৰ নেতৃত্বত নিৰ্বাচকসকলে এই দল নিৰ্বাচিত কৰিব।

Exit mobile version